ETV Bharat / state

বিলাসীপাৰাত আৰম্ভ ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া

বিলাসীপাৰাত আৰম্ভ হৈছে ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া ৷ অঞ্চলটোৰ দুটাকৈ ভেকচিন কেন্দ্ৰত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ সকলো লোককে প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন ৷

বিলাসীপাৰাত আৰম্ভ ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া
বিলাসীপাৰাত আৰম্ভ ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া
author img

By

Published : May 7, 2021, 5:27 PM IST

পশ্চিম বিলাসীপাৰা,7মে': সমগ্ৰ ৰাজ্যৰ লগতে বিলাসীপাৰাতো আজিৰে পৰা আৰম্ভ হৈছে ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া ৷ অঞ্চলটোৰ ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ সকলো লোককে প্ৰদান কৰা হয় ক'ভিড ভেকচিন । অনলাইন যোগে পঞ্জীয়ন কৰা ২০০ গৰাকী লোকক আজি দিয়া হয় ক'ভিড-১৯ ৰ ভেকচিন ।

বিলাসীপাৰা মহকুমাৰ ৰাজহুৱা গ্ৰন্থাগাৰ আৰু ৰোকাখাতা উপস্বাস্থ্য কেন্দ্ৰ দুটাত ইতিমধ্যে ভেকচিন প্ৰদানৰ পৰ্ব আৰম্ভ কৰা হৈছে । কেন্দ্ৰ দুটাত ভেকচিন ল'বলৈ অহা সকলো লোকে সম্পূৰ্ণৰূপে ক'ভিড প্ৰট'কল মানি গ্ৰহণ কৰিছে ভেকচিন । ভেকচিন গ্ৰহণ কৰিবলৈ অহা লোক সকলেও কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবলৈ আন সকলকো ভেকচিন ল'বলৈ আহ্বান জনায় ।

বিলাসীপাৰাত আৰম্ভ ক'ভিড-১৯ ৰ ভেকচিনেচন প্ৰক্ৰিয়া

ইপিনে, বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ মুৰ্তুজা জামানেও সকলোকে ভেকচিন লোৱাৰ বাবে অনলাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰাৰ আহ্বান জনায় । সদ্যহতে বিলাসীপাৰাত তিনিটা কেন্দ্ৰত ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰে দুটা কেন্দ্ৰ ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ বাবে ৷

আনহাতে, আদৰ্শ চিকিৎসালয়ত ৪৫ বছৰৰ উৰ্দ্ধৰ সকলো পুৰুষ-মহিলাকে ক'ভিড ভেকচিন প্ৰদান কৰি থকা হৈছে । অনলাইন আৰু অফলাইনত থকা দুই পঞ্জীয়ন ব্যৱস্থাৰে ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে । তাৰোপৰি, চিকিৎসক ডাঃ মুৰ্তুজা জামানে সকলো ৰাইজকে চৰকাৰে জাৰি কৰা SOP মানি চলিবলৈ আহ্বান জনায় ।

অন্য এক খবৰৰ বাবে: বজালী জিলাত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক ভেকচিন প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.