ধুবুৰী, 31 মে' : বৃহস্পতিবাৰে নিশা ভেৰভেৰীত চিপ লৈ থকা অৱস্থাত ভাড়াঘৰত উদ্ধাৰ এগৰাকী টেট শিক্ষয়িত্ৰীৰ মৃতদেহ ৷ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ১০৩৪ নং ভেৰভেৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদত নিয়োজিত মমতা কুমাৰী নামৰ টেট শিক্ষয়ত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰক অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আটক কৰে এজনক ৷ চাকৰি সূত্ৰে বিগত চাৰি মাহৰ পৰা ভেৰভেৰী গাঁৱৰ তমজাদ আলীৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰ অহা শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত |
শিক্ষয়িত্ৰীগৰাকীয়ে বিলাসীপাৰাৰ বাঙালীপাৰাৰ শ্বাহ আলম নামৰ এজনৰ যুৱকৰ লগত বসবাস কৰিছিল ভাড়াঘৰত ৷ বৃহস্পতিবাৰে সন্ধিয়া দুয়ো বিলাসীপাৰা চহৰত বজাৰ কৰি নিশা ৭মান বজাত ভাড়াঘৰত উপস্থিত হয় | তাৰ পাচতে দুয়ো তৰ্কযুদ্ধত লিপ্ত হয় আৰু ভাড়াঘৰৰ পৰা ওলাই যায় শ্বাহ আলম | ইয়াৰ কিছুসময় পাচতে শিক্ষয়িত্ৰীগৰাকীক চিপ লোৱা অৱস্থাত ঘৰৰ গৰাকীৰ পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰে | পৰৱৰ্তী সময়ত আৰক্ষীক কোনো অৱগত নকৰাকৈ শিক্ষয়িত্ৰী গৰাকীক নমাই আনি বিলাসীপাৰা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে পৰীক্ষা-নিৰীক্ষাৰ অন্তত মৃত বুলি ঘোষণা কৰে | পাচত ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষীৰ লগতে বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি নিশাই শ্বাহ আলমক সোধ-পোচৰ বাবে আটক কৰি বিলাসীপাৰা থানালৈ লৈ যায় |