ETV Bharat / state

ধুবুৰীত শিক্ষয়িত্ৰী মাৰপিট গোচৰত গ্ৰেপ্তাৰ শিক্ষকসহ দুজন - DHUBRI

সহ শিক্ষকৰ লগতে আক্ৰমণত জড়িত আন দুজন যুৱকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় ধুবুৰী আৰক্ষীয়ে ।

শিক্ষয়িত্ৰী মাৰপিট গোচৰত গ্ৰেপ্তাৰ শিক্ষক সহ দুজন
author img

By

Published : Jun 25, 2019, 11:33 PM IST

ধুবুৰী,২৫ জুনঃ মঙলবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত হঠাৎ প্ৰতিবাদত বহিল শিক্ষকসহ একাংশ ৰাইজ। দৰাচলতে, ধুবুৰীৰ আদাবাদী এম ই স্কুলৰ এইগৰাকী টেট শিক্ষয়িত্ৰী তাজমিন বেগমক নকল জব্দ কৰি জ্বলাই দিয়াৰ অভিযোগত সোমবাৰে একাংশ ৰাইজে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে। তাৰ পিছতে আৰক্ষীয়ে খবৰ পাই শিক্ষয়িত্ৰী গৰাকীক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰী তাজমিন বেগমে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি এজন শিক্ষকসহ কেইবাজনো লোকক আটক কৰি জেৰা কৰাৰ অন্তত নজৰুল ইছলাম নামৰ উক্ত বিদ্যালয়ৰে এজন শিক্ষক আৰু নুৰ আলম নামৰ আন এজন যুৱকসহ দুজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰে ধুবুৰী আৰক্ষীয়ে। ইপিনে আদালতে শিক্ষকসহ দুয়োকে প্ৰেৰণ কৰে জেল হাজোতলৈ। ইপিনে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বিদ্যালয়খনৰেই শিক্ষক নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছত এয়া সম্পূৰ্ণ বিজেপি দলৰ ৰাজনৈতিক শক্তি প্ৰয়োগ কৰাৰ লগতে ৰাজনৈতিকভাৱে হস্তক্ষেপ কৰা হৈছে বুলি অভিযোগ কৰে ধুবুৰীৰ প্ৰাক্তন বিধায়ক তথা বিদ্যালয়খনৰ উপদেষ্টা জাহান উদ্দিনে । উল্লেখযোগ্য যে,জাহান উদ্দিনৰ নেতৃত্বত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মাৰ্জিনা বেগমসহ ছয়জনকৈ শিক্ষক শিক্ষয়িত্ৰীয়ে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

ধুবুৰীত শিক্ষয়িত্ৰী মাৰপিট গোচৰত গ্ৰেপ্তাৰ শিক্ষক সহ দুজন

উল্লেখযোগ্য যে, যোৱা ২০ জুনত বিদ্যালয়খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা চলি থকা সময়ত কৰ্তব্যৰত শিক্ষয়িত্ৰী তাজমিন বেগমে একাংশ ছাত্ৰ ছাত্ৰীৰ পৰা কিছু নকল জব্দ কৰি জ্বলাই দিছিল তাৰ পিছতেই ২৪ জুনত একাংশ উত্তেজিত উদণ্ড লোকে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰে শিক্ষয়িত্ৰী তাজমিন বেগমক।

Intro: ধুবুৰীত শিক্ষয়িত্ৰী মাৰপিট গোচৰত গ্ৰেপ্তাৰ শিক্ষক সহ দুজন। ধৃত শিক্ষকক মুকলি কৰি দিয়াৰ দাবীত আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদত বহি প্ৰধান শিক্ষয়িত্ৰী সহ শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতি।

Body: ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত হঠাৎ প্ৰতিবাদত বহিল একাংশ শিক্ষক সহ একাংশ ৰাইজ। দৰাচলতে, ধুবুৰীৰ আদাবাদী এম ই স্কুলৰ এইগৰাকী টেট শিক্ষয়িত্ৰী তাজমিন বেগমক নকল জব্দ কৰি জ্বলাই দিয়াৰ অভিযোগত সোমবাৰে একাংশ ৰাইজে আক্ৰমণ কৰি গুৰুতৰ ভাবে জখম কৰে। তাৰ পিছতে আৰক্ষীয়ে খবৰ পাই শিক্ষয়িত্ৰী গৰাকীক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভদ শিক্ষয়িত্ৰী তাজমিন বেগমে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি এজন শিক্ষক সহ কেইবাজনো লোকক আটক কৰি জেৰা কৰাৰ অন্তত নজৰুল ইছলাম নামৰ উক্ত বিদ্যালয়ৰে এজন শিক্ষক আৰু নুৰ আলম নামৰ আন এজন যুৱক সহ দুজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায় ধুবুৰী আৰক্ষীয়ে। ইপিনে আদালতে শিক্ষক সহ দুয়োকে জেল হাজোত লৈ প্ৰেৰণ কৰে।

Byte:- নিৰূপম হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক

উল্লেখযোগ্য যে, যোৱা ২০ জুনত বিদ্যালয় খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা চলি থকা সময়ত কৰ্তব্যৰত শিক্ষয়িত্ৰী তাজমিন বেগমে একাংশ ছাত্ৰ ছাত্ৰীৰ পৰা কিছু নকল জব্দ কৰি জ্বলাই দিছিল তাৰ পিছতেই ২৪ জুনত একাংশ উত্তেজিত উদণ্ড লোকে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ কাৰ্য্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি শাৰীৰিক ভাবে আক্ৰমণ কৰে শিক্ষয়িত্ৰী তাজমিন বেগমক। সেইদিনা প্ৰকৃততে হৈছিল কি। শুনক কি কয় বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী মাৰ্জিনা বেগমে।

Byte:- মাৰ্জিনা বেগম, প্ৰধান শিক্ষয়িত্ৰী।

ইপিনে আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বিদ্যালয় খনৰেই শিক্ষক নজৰুল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিছত এয়া সম্পূৰ্ণ বিজেপি দলৰ ৰাজনৈতিক শক্তি প্ৰয়োগ কৰাৰ লগতে ৰাজনৈতিক ভাবে হস্তক্ষেপ কৰা হৈছে বুলি অভিযোগ কৰে ধুবুৰীৰ প্ৰাক্তন বিধায়ক তথা বিদ্যালয় খনৰ উপদেষ্টা জাহান উদ্দিনে। উল্লেখযোগ্য যে, জাহান উদ্দিনৰ নেতৃত্বত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী মাৰ্জিনা বেগম সহ ছয় জনকৈ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় এৰি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জাকিৰ হুছেইন সহ একাংশ ৰাইজেও অংশ লয়। ইপিনে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি নজৰুল ইছলামক মুকলি কৰাৰ দাবী উত্থাপন কৰাৰ লগীতে এয়া ৰাজনৈতিক হস্তক্ষেপ কৰা হৈছে বুলি উল্লেখ কৰে প্ৰাক্তন বিধায়ক জাহান উদ্দিনে।
Byte:- জাহান উদ্দিন, প্ৰাক্তন বিধায়ক

অৱশ্যে অইন অমান্য আন্দোলন কৰাৰ পিছত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা বেআইনি বুলি ঘোষণা কৰাৰ পিছত প্ৰতিবাদকাৰী সকলে সত্ৰভংগ দিবলৈ বাধ্য হয়।

Conclusion: মন কৰিব লগীয়া বিষয় যে, শিক্ষয়িত্ৰী আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শিক্ষকৰ বিৰুদ্ধে বিভাগীয় ভাবে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হব। আনহাতে সতীৰ্থ শিক্ষকক মোকোলাই নিয়াৰ দাবীত বিদ্যালয় এৰি আন্দোলনত বহা প্ৰধান শিক্ষয়িত্ৰী সহ ছয় গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে বিভাগীয় ভাবে কি ব্যৱস্থা লয় সেয়াও লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.