ETV Bharat / state

Tension grips Gauripur: গৌৰীপুৰত ছাত্ৰক নিৰ্মমভাৱে হত্যা, ৰাজপথত মৃতদেহ লৈ প্ৰতিবাদ ৰাইজৰ - ধুবুৰী চিকিৎসা মহাবিদ্যালয়

সুদখোৰৰ আক্ৰমণত নিহত কলেজীয়া ছাত্ৰ । পাঁচ দুৰ্বৃত্তৰ লগতে আন একাংশই খেদি খেদি হত্যা কৰিলে এজন ছাত্ৰক (youth brutally killed by miscreant) ৷ ঘটনাক লৈ উত্তাল গৌৰীপুৰ ৷

youth brutally killed by miscreant
ৰাজপথত মৃতদেহ লৈ প্ৰতিবাদ ৰাইজৰ
author img

By

Published : Jan 5, 2023, 7:36 PM IST

গৌৰীপুৰত ছাত্ৰক হত্যা

ধুবুৰী, 5 জানুৱাৰী: ধুবুৰীৰ গৌৰীপুৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ (Tension grips Gauripur)। মৃতদেহ সমুখত লৈ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ এজন ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে গৌৰীপুৰ ৷ গৌৰীপুৰৰ খাচ-খামাৰ গাঁৱৰ হেজাৰ হেজাৰ ৰাইজে ছাত্ৰজনৰ মৃতদেহ লৈ বৃহৎ সমদল উলিয়াই (Public protest at Gauripur) ৷ প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু দণ্ডাধীশ ৷ অৱশেষত ৰাইজৰ ক্ষোভ কিছু শাম কাটে আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত পুনৰ আৰম্ভ হয় (Public blocked NH 17) ৷

ছাত্ৰৰ মৃত্যুৱে কিয় সৃষ্টি কৰিলে উত্তেজনা ?

বুধবাৰে পুৱাই গৌৰীপুৰ থানাৰ অন্তৰ্গত ভাটিখামাৰ গাঁৱত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা (Brutal murder in Dhubri) । ডেগাৰেৰে হানি-খুচি হত্যা কৰা হ’ল এজন ছাত্ৰক । উক্ত ঘটনাত আহত হয় আন তিনিজন লোক । স্নাতক প্রথম ষাণ্মাসিকৰ ছাত্ৰ মফিজুল হকক হানিখুচি হত্যা কৰে এদল দুৰ্বৃত্তইত (Miscreant Killed student)। অভিযোগ অনুসৰি সূদৰ টকা নিদিয়াৰ বাবেই কেইবাজনো লোকে খেদি খেদি আক্ৰমণ কৰে যুৱকজনক ৷

গৌৰাপুৰৰ খামাৰ গাঁৱৰ ফিৰ্দুছ, ছাহান, নাজিৰ, ছোলেমান আৰু বৰবাবু নামৰ পাচঁজনীয়া এটা আহি খেদি খেদি আনি এজন লোকৰ চোতালত ছাত্ৰজনক হানি-খুচি হত্যা ৷ এই ঘটনাত বাধা দিবলৈ যোৱা আন তিনিজন লোক গুৰুতৰভাৱে আহত হয় । উল্লিখিত পাঁচোজন লোক সূদৰ ব্যৱসায়ৰ লগত জড়িত বুলি উল্লেখ কৰিছে স্থানীয় লোকে ৷ সূদৰ টকা নিদিলে মানুহক এইদৰেই আক্ৰমণ কৰে বুলি ৰাইজে অভিযোগ কৰে ৷

এই ঘটনাৰ পিছত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ প্ৰেৰণ কৰে ছাত্ৰজনৰ মৃতদেহ । আহত সকল বৰ্তমান ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । কিন্তু নিহত ছাত্ৰজনৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছতো কোনো অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উঠিছে ৷

আৰক্ষীৰ নিৰ্লিপ্ততা আৰু দিন-দুপৰতে এজন ছাত্ৰক হত্যা কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে মৃতদেহ লৈ গৌৰীপুৰৰ ৰাজপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । বহু সময় পথ অৱৰোধ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত আৰক্ষী আৰু চি আৰ পি এফে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ সক্ষম হয় । ঘটনাক লৈ অঞ্চলজুৰি চেঁপা উত্তেজনাই বিৰাজ কৰিছে ।

লগতে পঢ়ক: Missing girl from Duliajan rescued: বঙাইগাঁৱত উদ্ধাৰ হ’ল দুলীয়াজানৰ পৰা অপহৃত ছাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.