ETV Bharat / state

পাৰঘাটৰ পৰা ঘৰলৈ উভতিব নোৱাৰি সহস্ৰাধিক যাত্ৰীৰ মাজত হাহাকাৰ - Ambamuthan MP

ধুবুৰীৰ লঞ্চ ঘাটত(Launch Ghat) যাত্ৰীৰ মাজত হাহাকাৰ ৷ ফেৰী সেৱা বন্ধ কৰি দিয়াৰ বাবে ঘৰলৈ উভতিব পৰা নাছিল দক্ষিণ পাৰৰ যাত্ৰীসকলে ৷ অৱশেষত পাৰঘাটত জিলা উপায়ুক্ত উপস্থিত হৈ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰে ।

tensed situation between passengers at launch ghat
লঞ্চ ঘাটত যাত্ৰীৰ মাজত হাহাকাৰ
author img

By

Published : Sep 14, 2021, 1:43 PM IST

ধুবুৰী, 14 ছেপ্তেম্বৰ : নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ(Ferry Accident) পাচতে বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী-দক্ষিণ শালমাৰা ঘাট, লঞ্চ ঘাট, যোগময়া পাৰঘাটৰ ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰ নদীৰ সকলো জলপথতে নাও চলাচল বন্ধৰ কঠোৰ নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰীৰ ৷

ইয়াৰ লগতে নদীপথত বন্ধ হ’ল এটা ইঞ্জিন চালিত নাৱৰ চলাচল ৷ জিলা প্ৰশাসনৰ নিৰ্দেশত আভ্যন্তৰীণ জল পৰিবহন বিভাগে কেৱল ধুবুৰী ফকিৰগঞ্জৰ এখন ঘাটৰ বাবে ৰ’পেক্স জাহাজৰ ব্যৱস্থা কৰিছে কিন্তু ধুবুৰীৰ পৰা জলেশ্বৰ, ধুবুৰীৰ পৰা হাজিৰহাট, ধুবুৰীৰ পৰা ফেকামাৰী, ধুবুৰীৰ পৰা মেদৰটাৰী আৰু ধুবুৰীৰ পৰা সুখচৰ আদি ঘাটৰ হাজাৰ হাজাৰ যাত্ৰীৰ বাবে কোনো পাৰাপাৰৰ ব্যৱস্থা কৰা নাই ৷

লঞ্চ ঘাটত যাত্ৰীৰ মাজত হাহাকাৰ

পুৱাৰ ভাগতে প্ৰতিটো অঞ্চলৰ পৰা দক্ষিণ পাৰৰ সহস্ৰাধিক যাত্ৰী ধুবুৰীৰ লঞ্চ ঘাটত(Launch Ghat) উপস্থিত হৈছে যদিও ঘৰলৈ উভতিব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । ইফালে এইসকল যাত্ৰীয়ে লঞ্চেৰে পাৰঘাটত উপস্থিত হৈছে ৷ সেয়েহে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই অনুমতি নিদিয়াৰ বাবে পাৰঘাটতেই বান্ধি ৰখা হৈছে লঞ্চসমূহ ।

লগতে পঢ়ক: অসুৰক্ষিতভাৱে চলিছে ঘাগৰ ঘাটৰ ফেৰী সেৱা

ধুবুৰীৰ পাৰঘাটতেই ঘণ্টা ঘণ্টা ধৰি আৱদ্ধ হৈ পৰে হাজাৰ হাজাৰ যাত্ৰী । যদি ধুবুৰী, ফকিৰগঞ্জৰ বাবে ৰ’পেক্স জাহাজৰ ব্যৱস্থা কৰিছে তেন্তে দক্ষিণ পাৰৰ জলেশ্বৰ, ফেকামাৰী, হাজিৰহাট, মেদৰটাৰী, পাটাকাটা, ফেকামাৰী পাৰঘাটৰ বাবেও জাহাজৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ-প্ৰশাসনক দাবী জনাইছে যাত্ৰীসকলে ৷

পাৰঘাটত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি জিলা উপায়ুক্তই গ্ৰহণ কৰিলে তাৎক্ষণিক সিদ্ধান্ত । যাত্ৰীসকলৰ দাবীৰ প্ৰতি লক্ষ্য কৰি অৱশেষত জিলা উপায়ুক্ত আম্বামুথান এম পিয়ে(Ambamuthan MP) ধুবুৰীৰ পাৰঘাটত উপস্থিত হৈ 7 খনকৈ লঞ্চৰ জৰিয়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীসকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে ।

মঙলবাৰৰ পৰা যাতে দক্ষিণ শালমাৰাৰ পৰা কোনো ধৰণৰ লঞ্চ বা নাও যাত্ৰী লৈ ধুবুৰীত উপস্থিত নহয়, তাৰ বাবে লঞ্চ মালিক সন্থা আৰু মালিকসকলক কঠোৰভাৱে সকীয়নি দিয়ে জিলা উপায়ুক্তই ।

লগতে পঢ়ক: মই তোমাক Topper বনাই দিম...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.