ETV Bharat / state

বগৰী খেতিয়কৰ ৰূপত ধুবুৰীৰ এগৰাকী শিক্ষক - শিক্ষক জয়ন্ত কুমাৰ ৰায়ে

ধুবুৰীৰ এগৰাকী শিক্ষকে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । বগৰী খেতিৰে স্বাৱলম্বীতাৰ অন্য়তম নিদৰ্শন দাঙি ধৰিছে শিক্ষক জয়ন্ত কুমাৰ ৰায়ে ।

বগৰী খেতিয়কৰ ৰূপত ধুবুৰীৰ এগৰাকী শিক্ষক

author img

By

Published : Jan 21, 2021, 7:27 PM IST

ধুবুৰী , ২১ জানুৱাৰী : বগৰী খেতিৰে স্বাৱলম্বী হোৱাৰ অন্য়তম নিদৰ্শন দাঙি ধৰিছে ধুবুৰীৰ এজন শিক্ষকে । শিক্ষকতাৰ উপৰিও বগৰী খেতিৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে প্ৰয়াস কৰিছে ধুবুৰীৰ কালাহাট গাওঁৰ নিবাসী জয়ন্ত কুমাৰ ৰায়ে । জয়ন্ত কুমাৰ ৰায় নামৰ শিক্ষকজনে প্ৰায় দুবিঘা মাটিত বাহিৰৰ তিনিটা প্ৰজাতিৰ বগৰী খেতি কৰি এক প্ৰকাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । আচলতে এনেধৰণৰ বাহিৰা প্ৰজাতিৰ বগৰী খেতি কৰিও যে লাভৱান হ'ব পৰা যায় তাকেই যেন প্ৰমাণ কৰি দেখুৱালে জয়ন্ত কুমাৰ ৰায়ে ।

বগৰী খেতিয়কৰ ৰূপত ধুবুৰীৰ এগৰাকী শিক্ষক

শিক্ষকতাৰ উপৰিও তেখেতে আজৰি সময়ত এনেদৰে ঘৰুৱা কামত ব্যস্ত থাকি ভাল পায় । যাৰ বাবে তেওঁ বাহিৰা প্ৰজাতিৰ বগৰীৰ খেতি কৰিবলৈ আৰম্ভ কৰে । শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলক উদ্দেশ্যি শিক্ষক গৰাকীয়ে কয় যে চৰকাৰী চাকৰিলৈ ৰৈ নাথাকি এনেকুৱা বাহিৰৰ প্ৰজাতিৰ বগৰী খেতি বা আন কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব পৰা যায় ।

ইফালে শিক্ষক গৰাকীৰ এই পদক্ষেপ দেখি ৰাজ্য় বিভিন্ন প্ৰান্তৰ লোকে তেওঁক শুভকামনাও জনাইছে ।

লগতে পঢ়ক :থানাৰ পৰা হেণ্ডকাফ খুলি পলাল বাইক চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.