ধুবুৰী, 17 ছেপ্তেম্বৰ : ৰাজধানী দিল্লীৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত বাংলাদেশী নাগৰিকৰ মুক্ত বিচৰণ ৷ ধুবুৰীত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা পিতা-পুত্ৰৰ গ্ৰেপ্তাৰৰ পিছতেই পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য ৷ সুদীৰ্ঘ তিনি দশক পূৰ্বে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল পৰিয়ালটো ৷ প্ৰথমাৱস্থাত ৰাজধানী দিল্লীত শ্ৰমিক হিচাপে কাম কৰা পৰিয়ালটোক সম্প্ৰতি ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে ৷
উল্লেখ্য যে, 30 বছৰ পূৰ্বে বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ কাঠালবাৰী গাঁৱৰ ওমৰ আলীয়ে পুত্ৰ মকবুল হুছেইনক লগত লৈ ভাৰতত প্ৰৱেশ কৰিছিল ৷ প্ৰথমাৱস্থাত দিল্লীত শ্ৰমিক হিচাপে কাম কৰিছিল ওমৰ আলী আৰু পুত্ৰ মকবুল হুছেইনে ৷ দিল্লীত থকা সময়তেই দালালৰ হতুৱাই মকবুলে আধাৰ কাৰ্ড বনোৱাৰ উপৰিও ভুৱা প্ৰমাণ পত্ৰৰে পান কাৰ্ডো বনাই লৈছিল ৷
আনহাতে, প্ৰায় ২২ বছৰ পূৰ্বে ধুবুৰীৰ ভাষানিৰ চৰ অঞ্চলৰ শ্বেৰ আলীৰ কন্যা বেহুলা খাতুনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় মকবুল ৷ বিয়াৰ পিছত পত্নীক দিল্লীলৈ লৈ যায় যদিও কেইবছৰমান পিছত পত্নী আৰু 6 পুত্ৰ-কন্যাসহ নেপালত থাকিবলৈ লয় মকবুল ৷
মকবুলে ভুৱা আধাৰ কাৰ্ড আৰু পান কাৰ্ডেৰে ভোটাৰ তালিকা আৰু এন আৰ চি (NRC)ত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিছিল যদিও বৰ্তমানো নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ কিন্তু এন আৰ চিত নাম অন্তৰ্ভূক্ত হৈছে তেওঁৰ ছয় পুত্ৰ-কন্যাৰ ৷ কিছুদিন পূৰ্বে নেপালৰ পৰা ধুবুৰীৰ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল মকবুল ৷ কিন্তু অৱশেষত ধুবুৰী আৰক্ষীৰ জালত পৰে মকবুল আৰু তেওঁৰ পুত্ৰ ৷
আনহাতে, তেওঁলোকৰ লগতে আছাদুল আলী আৰু ছিদ্দিক শেখ নামৰ দুই আত্মীয়কো সোধ-পোছৰ বাবে আটক কৰে ধুবুৰী আৰক্ষীয়ে ৷
লগতে পঢ়ক : স্বভাৱ বেয়া দেৱেশ্বৰ গাঁওবুঢ়াৰ...