ETV Bharat / state

ধুবুৰীত নীলা কেৰাচিনৰ ৰমৰমীয়া চোৰাং বেহা

author img

By

Published : Mar 11, 2020, 12:09 PM IST

কয়লা, চুপাৰি,গৰু ছিণ্ডিকেটৰ দৰেই সক্ৰিয় হৈ আছে নীলা কেৰাচিন তেলৰ চোৰাং ব্যৱসায় চক্ৰ ৷ যোগান বিভাগৰ অভিযানত বিলাসীপাৰাত আটক কৰা হ’ল 34 শ লিটাৰ চোৰাং কেৰাচিন তেল ৷

supply department seixed illegal kerosine oil in bilashipara
বিলাসীপাৰাত জব্দ 34 শ লিটাৰ চোৰাং কেৰাচিন তেল

বিলাসীপাৰা , 11 মাৰ্চঃ কয়লা,চুপাৰি,গৰু ছিণ্ডিকেট চক্ৰৰ সমান্তৰালভাৱে ৰাজ্যত চলি আছে নীলা কেৰাচিন তেলৰ চোৰাং ব্যৱসায় | ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো চলি আহিছে নীলা কেৰাচিন তেলৰ ৰমৰমীয়া ব্যৱসায় ৷ মঙলবাৰে বিলাসীপাৰা মহকুমা যোগান বিভাগে চলোৱা এক অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ চোৰাং নীলা কেৰাচিন তেল সহ অবৈধ তেলৰ ড্ৰাম কঢ়িওৱা দুখন বাহন ৷ যোগান বিভাগৰ পৰিদৰ্শক নিত্য গোপাল সাহাই মহকুমা দণ্ডাধীশ আৰু আৰক্ষীৰ সহযোগত চলাইছিল উক্ত অভিযান ৷

বিলাসীপাৰাৰ বাতাপাৰাত জব্দ ৯ টা ড্ৰামত ১৮ শ লিটাৰ চোৰাং নীলা কেৰাচিন তেল সহ AS-25CC-8145 (TATA PIKUP) নম্বৰ বাহনখনৰ লগতে সাপটগ্ৰামত ৮ টা ড্ৰামত ১৬ শ লিটাৰ কেৰাচিন তেলসহ জব্দ কৰা হয় AS-17B-9705 (TATA MAGIC) নম্বৰ বাহনখন ৷ আৰক্ষীয়ে আটক কৰে ছাদ্দাম হুছেইন নামৰ মেজিক চালকজনক ৷

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তিৰ দাবীত ব্যাপক প্ৰতিবাদ, ৰাজপথলৈ ওলাই আহিল জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.