ETV Bharat / state

এগৰাকী অকলশৰীয়া মহিলাৰ কৰুণ কাহিনী...

লক্​ ডাউনৰ বাবে বিগত চল্লিশ বছৰে অকলশৰীয়া জীৱন যাপন কৰা এগৰাকী মহিলা সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ গোলকগঞ্জৰ কাচখানা গাঁৱৰ বাসিন্দা 65 বছৰীয়া মহিলাগৰাকীয়ে চৰকাৰৰ সহায় আহ্বান কৰিছে ৷9505602

story of a old women Dhubri assam etv bharat news
ধুবুৰীৰ এগৰাকী মহিলাৰ কৰুণ কাহিনী...
author img

By

Published : May 12, 2020, 4:25 PM IST

ধুবুৰী,12 মে’: সুদীৰ্ঘ চল্লিশ বছৰে অকলশৰীয়া জীৱন যাপন কৰিছে ধুবুৰীৰ এগৰাকী মহিলাই । সম্প্ৰতি লক্​ ডাউনৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে মহিলা গৰাকী । ধুবুৰীৰ গোলকগঞ্জৰ কাচখানা গাঁৱৰ বাসিন্দা ৬৫ বছৰীয়া অকলশৰীয়া মহিলা গৰাকীয়ে দুখ-কষ্টৰ মাজেৰে অতিবাহিত কৰিছে জীৱন । স্বামীক হেৰুৱাই এককভাৱে জীৱন সংগ্ৰাম চলোৱা সন্ধ্যাৰাণী প্ৰধানী নামৰ মহিলাগৰাকীৰ নাই কোনো সন্তান । জীৱিকাৰ একমাত্ৰ সম্বল হিচাপে ৰেচন কাৰ্ডৰ অধীনত মাহেকত 5 কিল’গ্ৰাম চাউল লাভ কৰা মহিলাগৰাকীয়ে মাজে সময়ে লাভ কৰে বৃদ্ধ পেঞ্চন ৷ বৰ্তমান দীৰ্ঘদিনীয়া লক্​ ডাউনৰ ফলত সমস্যাৰ সন্মুখীন হোৱা মহিলাগৰাকীয়ে চৰকাৰৰ সুদৃষ্টি কামনা কৰিছে ৷ অকলশৰীয়া মহিলাগৰাকীৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি মুকলি হোৱা-নোহোৱাতো সময়ত লক্ষণীয় হ’ব ৷

ধুবুৰীৰ এগৰাকী মহিলাৰ কৰুণ কাহিনী...

লগতে চাওকঃ যাত্ৰীবাহী ৰে'লৰ পুনৰ চলাচলৰ বাবে সম্পূৰ্ণ সাজু ভাৰতীয় ৰে'লৱে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.