ETV Bharat / state

ধুবুৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত জিলা আৰক্ষী অধীক্ষকৰ চাডেন ভিজিট - SP Sudden visit to Dhubri Transport Department

প্ৰসংগ দালাল ! ধুবুৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিট জিলা আৰক্ষী অধীক্ষকৰ (SP Sudden visit to Dhubri Transport Department office) ৷

SP Sudden visit to Dhubri Transport Department office
ধুবুৰী পৰিবহন বিভাগৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষকৰ চাডেন ভিজিট
author img

By

Published : Sep 14, 2022, 10:38 PM IST

ধুবুৰী, 14 আগষ্ট: ৰাজ্যত অব্যাহত আছে দালালৰাজ ৷ ইটোৰ পিছত সিটোকৈ দালাল চক্ৰ আটক হোৱাৰ পিছতে পূৰ্বতকৈ অধিক সক্ৰিয় হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন ৷ শেহতীয়াকৈ, মঙলবাৰে ধুবুৰী জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পৰা এজন দালাল গ্ৰেপ্তাৰ হৈছিল ৷ ধুবুৰীৰ পৰা দালালটো গ্ৰেপ্তাৰ হোৱাৰ পিছতেই আজি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চাডেন ভিজিট কৰিলে জিলা আৰক্ষী অধীক্ষকে (Dhubri SP Gurav Abhijit Dilip)। দৰাচলতে, ধুবুৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিনৰে পৰা ডজন ডজন দালাল শ্ৰেণীৰ লোকে অব্যাহত ৰাখিছে দালালৰাজ ।

দালাল চক্ৰই বিভিন্ন কামৰ বাবে কাৰ্যালয়ত উপস্থিত হোৱা ভুক্তভোগী লোকসকলক লুণ্ঠন চলোৱাৰ লগতে দীৰ্ঘদিনৰে পৰা হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেনে এক অভিযোগৰ ভিত্তিতেই মঙলবাৰে এজন স্থানীয় দালাল আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱাৰ পিছত আজি স্বয়ং জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই আকস্মিকভাৱে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত চলায় অভিযান (SP Sudden visit to Dhubri Transport Department office) ৷

ধুবুৰী পৰিবহন বিভাগৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষকৰ চাডেন ভিজিট

অভিযানকালত আৰক্ষীয়ে কোনো দালালক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও দালাল আৰু দুৰ্নীতিৰ বিৰূদ্ধে আৰক্ষীক খবৰ দিয়াৰ বাবে একাধিক ফোন নম্বৰ আৰু ই-মেইল সম্বলিত কেইবাখনো পোষ্টাৰ আঁৰি দিয়ে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ দেৱালত । দালালৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে জিলা আৰক্ষী অধীক্ষক গুৰৱ অভিজিৎ দিলীপে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ৰাইজে কিদৰে সঁহাৰি দিয়ে সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক: লালুকত মাটিৰ দালাল আৰু লাট মণ্ডলৰ বিৰুদ্ধে ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.