ধুবুৰী, 16মে’: দেওবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ আৱাসগৃহত হঠাৎ অৰ্ধ শতাধিক যুৱক-যুৱতীয়ে ভিৰ কৰে। হাতে হাতে প্লে’কাৰ্ড লৈ দিছে শ্ল’গান । পিছে কিয় আৰক্ষী অধীক্ষকৰ আৱাসগৃহৰ সন্মুখত প্লেকাৰ্ড লৈ শ্ল’গান দিছে একাংশ নৱ প্ৰজন্মই । জানিলে আপোনিও ভাবিবলৈ বাধ্য হ’ব কিমান জনপ্ৰিয় হ’লে এগৰাকী আৰক্ষী অধীক্ষকৰ বদলিকৰণৰ বিৰোধীতা কৰি এনেদৰে প্ৰতিবাদ কৰিছে শুভাকাংক্ষীয়ে ৷
দৰাচলতে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্র নগাঁও জিলালৈ বদলি হোৱাৰ পিছতেই ধুবুৰী এৰিবলৈ সাজু হৈছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ বদলিৰ খবৰ পাই স্তম্ভিত হৈ পৰিছে ধুবুৰীৰ বিভিন্ন মহলৰ লগতে যুৱ প্ৰজন্ম ।
তাৰপিছতে আৰক্ষী অধীক্ষক গৰাকীৰ বদলিকৰণৰ বিৰোধীতা কৰি একাংশ নৱ প্ৰজন্মই হাতে হাতে প্লেকাৰ্ড লৈ উই ৱান্ট আনন্দ মিশ্ৰ বুলি শ্ল’গান দিয়ে অধীক্ষক গৰাকীৰ বাসগৃহৰ সন্মুখত । তাৰমাজতে একাংশই আবেগিক হৈ ধুবুৰী এৰি নাযাবলৈ আহ্বান জনাইছে আনন্দ মিশ্ৰক ।
লগতে পঢ়কঃ ক'ভিডৰ ভয়াৱহ পৰিস্থিতি: নিৰ্মাণখণ্ডত দেখা দিছে অচলাৱস্থাই