ETV Bharat / state

ধুবুৰীত অভিলাসী আঁচনিৰ শুভাৰম্ভণী

author img

By

Published : Feb 22, 2020, 11:52 PM IST

কল্যাণ বিভাগৰ "চেতনা" নামৰ এক অভিলাসী আঁচনিৰ শুভাৰম্ভণী অনুষ্ঠানৰ বিশাল আয়োজনৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ আৰবী আৰু সংস্কৃত পৰীক্ষাৰ 54 গৰাকী পৰীক্ষাৰ্থীক আন এখন এখন বিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় ৷

ধুবুৰীত অভিলাসী আঁচনিৰ শুভাৰম্ভণি
ধুবুৰীত অভিলাসী আঁচনিৰ শুভাৰম্ভণি

ধুবুৰী, 22 ফেব্ৰুৱাৰীঃ আজি সমাজ কল্যাণ বিভাগৰ সহযোগত ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত সমাজ কল্যাণ বিভাগৰ "চেতনা" নামৰ এক অভিলাসী আঁচনিৰ শুভাৰম্ভণী কৰা হয় ৷ এই অনুষ্ঠানত জ্যেষ্ঠ জনৰ ভৰি ধোৱাই আশীৰ্বাদ গ্ৰহণ কৰিলে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ কেইবাগৰাকীও বিধায়ক, নেতাৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনত কেইবাজনো বিশিষ্ট নাগৰিক আৰু সাহিত্যিকক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিচতেই নিৰ্বাচিত 20 গৰাকী জ্যেষ্ঠ নাগৰিকৰ ভৰি ধোৱাই সেৱা কৰি কম্বল বিতৰণ কৰাৰ লগতে সভাত উপস্থিত থকা আন জ্যেষ্ঠ নাগৰিককো কম্বল বিতৰণ কৰে ৷

জ্যেষ্ঠ জনৰ ভৰি ধোৱাই আশীৰ্বাদ গ্ৰহণ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

ইপিনে ধুবুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় পৰীক্ষা কেন্দ্ৰত আজি পুৱা 9 বজাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়তে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত পুৱা 10 বজাত সভা অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে যো জা চলাইছিল যদিও অভিভাৱক সকলে প্ৰতিবাদ কৰাৰ পিচত জিলা প্ৰশাসনে সভাখন 12 বজালৈ পিছুৱাবলৈ বাধ্য হয় ৷ দুপৰীয়া 12 বজাৰ পৰা সভাখনৰ বিশাল আয়োজন চলি থকাৰ বাবে বিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ আৰবী আৰু সংস্কৃত পৰীক্ষাৰ 54 গৰাকী পৰীক্ষাৰ্থীসকলক চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় ৷

ধুবুৰীত অভিলাসী আঁচনিৰ শুভাৰম্ভণিঃ 54 গৰাকী পৰীক্ষাৰ্থীক স্থানান্তৰিত অন্য় পৰীক্ষা কেন্দ্ৰলৈ

লগতে পঢ়কঃ মহাদেৱৰ চৰণত আশীষ ল'লে বিধায়িকা সুমন হৰিপ্ৰিয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.