ETV Bharat / state

ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাং বেহা, আৰক্ষীৰ জালত সৰবৰাহকাৰী

Smuggling in Indo-Bangladesh border: দক্ষিণ শালমাৰাৰ মানকাচাৰত ভাৰত-বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ চোৰাং বেহা অব্যাহত । সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত ১০২ বস্তা চেনী জব্দ কৰাৰ লগতে দহটা পশুধনসহ এটা চোৰাং গৰু সৰবৰাহকাৰীক আটক ।

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 2:22 PM IST

Smuggling through Indo-Bangladesh border
ভাৰত-বাংলাদেশ সীমান্তৰে চোৰাং বেহা

ধুবুৰী,৩১ ডিচেম্বৰ : দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ হাটশিঙিমাৰীৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ উন্মুক্ত সীমান্তয়েদি চোৰাং সৰবৰাহকাৰীয়ে বাংলাদেশলৈ চোৰাং বেহাৰ যেন প্ৰতিযোগিতা চলাইছে । কোনোৱে নিশাৰ আন্ধাৰৰ সুযোগত পলিথিনৰ মোনাত চেনী ভৰ্তি কৰি কল গছৰ ভূৰ বন্ধাদি বান্ধি ব্ৰহ্মপুত্ৰৰ পানীত বাংলাদেশলৈ উটুৱাই দিছে আৰু আন কোনোৱে নিশাৰ আন্ধাৰৰ সুযোগত বাংলাদেশলৈ পশুধনৰ চালান অব্যাহত ৰাখিছে । ইফালে চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে সীমান্ত সুৰক্ষা বাহিনী ।

Smuggling through Indo-Bangladesh border
১০২ বস্তা চেনী জব্দ

তেনে সময়তে শনিবাৰে সীমান্তৰ নদী অঞ্চলৰ পহৰাৰ দায়িত্বত থকা বৰাইৰ আলগা ৪৫ বি এন বি এছ এফ কেম্পৰ পহৰাৰত জোৱানে ব্ৰহ্মপুত্ৰ নদী পথত অভিযান চলাই ১০২ বস্তা চোৰাং চেনী জব্দ কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ সৈতে জড়িত থকা কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

ইয়াৰোপৰি একেদিনাই ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত এনডিএ কেম্পৰ ৪৯ বি এন বি এছ এফৰ পহৰাৰত জোৱানেও অভিযান চলাই দহটাকৈ পশুধনসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা চোৰাং গৰু সৰবৰাহকাৰীটো সুখচৰ আৰক্ষী থানাৰ অন্তৰ্গত শান্তিপুৰ গাওঁৰ ছিদ্দিক আলী শ্বেখ বুলি জানিব পৰা গৈছে ।

ছিদ্দিক আলীৰ পৰা অধিক তথ্যৰ সন্ধানত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে জেৰা চলাই আৰক্ষীলৈ হস্তান্তৰ কৰিব বুলি জানিব পৰা গৈছে । ইপিনে জব্দ কৰা চেনীখিনিও আৰক্ষীক চমজাই দিয়ে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷ উল্লেখ্য যে, প্ৰতি নিশা ভাৰত-বাংলা সীমান্তৰে পশুধনসহ বিভিন্ন সামগ্ৰীৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : গঁড়ৰ মুক্ত বিচৰণত ত্ৰাসিত মাজুলীবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.