পশ্চিম বিলাসীপাৰা, 10 জুলাই : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শুকুৰবাৰে বিলাসীপাৰাত অভিনৱ প্ৰতিবাদ ৷ ধুবুৰী জিলা আৰু কাঠালদি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গৌৰাং নৈৰ বাকৰিত সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ নৈৰ বাকৰিত জিলা খনৰ একাংশ ছাত্ৰ নেতা-কৰ্মীৰ লগতে স্থানীয় ৰাইজে হাতে হাতে প্লে' কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
তাৰ পাচতে প্ৰতিবাদী নেতা-কৰ্মী সকলে কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক শীঘ্ৰে কাৰামুক্ত কৰি দিবলৈ নেদেখা জনৰ ওচৰত সমূহীয়া দোৱা কৰে ৷ যদি চৰকাৰে বিষয়টো সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰে তেন্তে ব্যাপক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশ লোৱাৰ অপৰাধত অখিল গগৈ সহিতে ৰাষ্ট্ৰযন্ত্ৰই কাৰা বন্দী কৰিছিল বিতু সোণোৱাল, ধৈৰ্য কোঁৱৰ আৰু মানস কোঁৱৰক ৷ ইতিমধ্যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা তিনিওজন কাৰাবন্দীৰ কোভিড-19ৰ লক্ষণে দেখা দিছিল ৷ ইয়াৰে অখিল গগৈ স্বাৱ পৰীক্ষাত কোভিড-19 ধৰা পৰা নাই যদিও বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰ আক্ৰান্ত হৈছে কোভিড-19ত ৷ ৰাজ্যজুৰি তিনিওগৰাকী কাৰাবন্দীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ বাবে ব্যাপক দাবী তুলিছে বিভিন্ন দল-সংগঠনৰ লগতে ব্যক্তি বিশেষে ৷
লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবী ভিন্নজনৰ