ETV Bharat / state

Sikha Sarma against CM : পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য শিখা শৰ্মাৰ

মুখ্যমন্ত্ৰীক নিষিদ্ধ ঘোষণা কৰি গ্ৰেপ্তাৰৰ দাবী লেখিকা শিখা শৰ্মাৰ (Controversial Statement Of Sikha Sarma against CM) ৷ ভাৰতীয় সংবিধানক অৱমাননা কৰাৰ অপৰাধতে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী লেখিকাগৰাকীৰ ৷ ধুবুৰীত শুকুৰবাৰে উপস্থিত হৈ এই দাবী লেখিকাগৰাকীৰ ৷

author img

By

Published : Dec 4, 2021, 1:02 PM IST

As_dhb_01_04dec_shikha_Sarma_as10041
পুনৰবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল লেখিকা শিখা শৰ্মা

ধুবুৰী, 4 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় সংবিধানক অৱমাননা কৰিছে ৷ সংবিধানত থকা ‘ধৰ্ম নিৰপেক্ষতা’ক অৱমাননা কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাত সমৰ্থন কৰিছে ৷ গতিকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সংবিধান অৱমাননা কৰাৰ অপৰাধত নিষিদ্ধ ঘোষণা কৰি গ্ৰেপ্তাৰ কৰিব লাগে ৷

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰবাৰ এনেদৰে সৰৱ হৈ পৰিল লেখিকা শিখা শৰ্মা (Controversial Statement Of Sikha Sarma against CM) ৷ শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ (Sikha Sarma visits Dhubri) মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত সৰৱ হৈ পৰা দেখা গ’ল লেখিকাগৰাকীক ৷

তেওঁ লগতে কয় যে, যি দৰে সশস্ত্ৰ সংগঠন আলফা(স্বা) আৰু সংগঠনৰ মুৰব্বী পৰেশ বৰুৱাক ভাৰতীয় সংবিধান অৱমাননা কৰাৰ বাবে দেশে নিষিদ্ধ ঘোষণা কৰিছে ৷ ঠিক তেনেদৰে মুখ্যমন্ত্ৰীৰ মন্তব্যতো স্পষ্ট হৈ পৰিছে যে, তেওঁ সংবিধানত উল্লেখ থকা ‘ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ’ৰ এই কথাষাৰক অৱমাননা কৰিছে ৷ তেওঁ দেশৰ পৰা ধৰ্ম নিৰপেক্ষতা নোহোৱা কৰি ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াত সন্মতি প্ৰকাশ কৰিছে ৷ গতিকে আলফা আৰু পৰেশ বৰুৱাৰ লেখীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো নিষিদ্ধ ঘোষণা কৰাৰ উপৰিও তেওঁক এই মন্তব্যৰ বাবে গ্ৰেপ্তাৰৰ ব্যৱস্থা কৰিব লাগে ৷

সমান্তৰালকৈ লেখিকাগৰাকীয়ে মাদ্ৰাছা বিদ্যালয় সন্দৰ্ভত মন্তব্য কৰি কয়, মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছাৰ ছাত্ৰসকলৰ সৈতে হোৱা মত বিনিময়ৰ যি কথা কৈছে, সেয়া সকলো মনেসজা ৷ তেওঁ যদি সঁচাকৈয়ে মাদ্ৰাছাৰ ছাত্ৰসকলৰ সৈতে কথা পাতিছে, তেন্তে সেই ছাত্ৰৰ নাম ৰাজহুৱা কৰক ৷ মুখ্যমন্ত্ৰীয়ে এটি শিশুক মানসিকভাৱে নিৰ্যাতন চলাইছে, গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে ৷

মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা ল’ৰা যদি কেৱল মৌলবীহে হ’ব পাৰে, তেন্তে মাজুলীৰ সত্ৰসমূহত থাকি সত্ৰীয়া সংস্কৃতিৰ শিক্ষাৰ লগতে পাঠ্যপুথিৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰসমূহো ভৱিষ্যতে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ডাক্তৰ বা ইঞ্জিনিয়াৰ হ’ব নোৱাৰিব ৷ যদি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য মাদ্ৰাছা বিদ্যালয়ৰ ছাত্ৰক মৌলবী নবনাই ডাক্তৰ বনোৱাই হয়, তেন্তে তেওঁ সত্ৰসমূহৰ কথা কিয় লুকুৱাই ৰাখিছে, সত্ৰত থকা ছাত্ৰসমূহৰ ওপৰত কিয় গুৰুত্ব প্ৰদান কৰা নাই বুলি প্ৰশ্ন কৰে লেখিকা শৰ্মাই ৷

আনহাতে, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনে চলোৱা উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰি লেখিকাগৰাকীয়ে কয়, চৰকাৰৰ উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণযোগ্য ৷ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ হ’ব লাগে ৷ কিন্তু এই উচ্ছেদ কেৱল এক বিশেষ সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে হ’ব নালাগে ৷ যিসকল সংখ্যালঘু লোকে প্ৰায় 50/60 বছৰ ধৰি একেটা অঞ্চলত বাস কৰি আছে, তেওঁলোকক উচ্ছেদ কৰাটো ভুল সিদ্ধান্ত ৷ ঢলপুৰ, লামডিঙৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ পাণ্ডু অঞ্চল বা কামাখ্যাত থকা হিন্দু সম্প্ৰদায়ৰ বেদখলকাৰীসকলৰ বিৰুদ্ধেও প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক : Assam Cabinet Meeting :পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.