ETV Bharat / state

Shikha Sarma reaction: মুখ্যমন্ত্ৰীৰ বাল্যবিবাহ বিৰোধী অভিযান ওফৰাই পেলোৱাৰ হুংকাৰ শিখা শৰ্মাৰ

author img

By

Published : Feb 13, 2023, 4:04 PM IST

বিলাসীপাৰাত উপস্থিত হৈ বাল্যবিবাহ আৰু উচ্ছেদ প্ৰসংগত সৰৱ হৈ পৰিল বিতৰ্কিত লেখিকা শিখা শৰ্মা । যদিও বাল্যবিবাহক সমৰ্থন নকৰে তথাপি বাল্যবিবাহ ৰোধৰ নামত চলোৱা অমানৱীয় অভিযান ওফৰাই পেলোৱাৰ হুংকাৰ লেখিকা শিখা শৰ্মাৰ (Shikha Sarma react on underage marriage) ।

Shikha Sarma react on Operation against underage marriage
বাল্য বিবাহ বিৰোধী অভিযান ওফৰাই পেলোৱাৰ হুংকাৰ লেখিকা শিখা শৰ্মাৰ

বিলাসীপাৰা, ১৩ ফ্ৰেব্ৰুৱাৰী: "হিমন্ত বিশ্ব শৰ্মাৰ বাল্যবিবাহ বিৰোধী অভিযান বিফল হ'ব ।" বিলাসীপাৰাৰ সোনামুখীস্থিত এম এম একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ দ্বিবাৰ্ষিক দিৱস উদযাপন অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য বিতৰ্কিত লেখিকা শিখা শৰ্মাৰ । অঞ্চলটোত শিক্ষাৰ প্ৰভাৱ বিস্তাৰ কৰাৰ উদ্দেশ্যৰে এম এম একাডেমীয়ে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দ্বিবাৰ্ষিক দিৱস উদযাপনৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ ভূয়সী প্ৰশংসা কৰে লেখিকা শিখা শৰ্মাই । সোনামুখীত উপস্থিত হৈ লেখিকা শিখা শৰ্মাই কৰিলে বাল্যবিবাহ প্ৰসংগত কেতবোৰ বিস্ফোৰক মন্তব্য ।

লগতে বাল্যবিবাহ চৰকাৰৰ উচ্ছেদ অভিযান আদি প্ৰসংগক লৈয়ো শিখা শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য (Operation against underage marriage) । চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযান প্ৰসংগত তেওঁ কয় যে, এই অভিযান বিফল কৰা হ'ব (Shikha Sarma react on underage marriage) । নিজে বিফল নহয়, কিন্তু ৰাইজৰ সহযোগত বিফল কৰা হ'ব এনে কঠোৰ অভিযান । বাল্যবিবাহ কোনেও সমৰ্থন নকৰে (Shikha Sarma against underage marriage), এগৰাকী ছোৱালীয়ে কম বয়সতে বিয়া হৈ গৈ সংসাৰ কৰি থাকিব সেয়া সমৰ্থনযোগ্য নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, ইতিমধ্যে যিখিনিয়ে বিয়া পাতি স্বামী-স্ত্ৰী হিচাপে সময় কটালে, যিসকলৰ সন্তান হ'ল তেওঁলোকক আকৌ ধৰি আনি ইজনৰ পৰা সিজনক আঁতৰ কৰি দিয়াতো কেতিয়াও মানৱীয়তা হ'ব নোৱাৰে বুলি উল্লেখ কৰে লেখিকা শিখা শৰ্মাই ।

লগতে তেওঁ কয় যে, যি সকলে বাল্যবিবাহ কৰিলে বা বাল্যবিবাহ কৰাই দিয়া ব্যক্তিগৰাকী তথা পৰিয়ালৰ লোকসকলে ইতিমধ্যে এক ডাঙৰ ভুল কৰিছে । কিন্তু তেওঁলোকক এতিয়া এনে দৰে আঁতৰাই দি হিমন্ত বিশ্ব শৰ্মাই তাতোকৈ ডাঙৰ ভুল কৰিছে বুলি উল্লেখ কৰে বিতৰ্কিত লেখিকাগৰাকীয়ে । লগতে বাল্যবিবাহ বিৰোধী অভিযানৰ যিসকল ভুক্তভোগী তেওঁলোকক ধৈৰ্য ধৰিবলৈ আহ্বান জনাই শিখা শৰ্মাই কয় যে, অকণমান সময় লাগিলেও এই অভিযান ৰাইজে ওফৰাই পেলাব ।

ইফালে চৰাঞ্চলৰ উচ্ছেদ প্ৰসংগক লৈয়ো সৰৱ হৈ পৰিল লেখিকাগৰাকী (Shikha Sarma react on Eviction) । ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ পাচতো চৰাঞ্চলৰ লোকসকলক মানসিক নিৰ্যাতন চলাই উঠি যাবলৈ বাধ্য কৰাৰ চেষ্টা চলাই থকা হৈছে । ৰাইজেও গুলী খোৱাৰ ভয়ত, মাৰ খোৱাৰ ভয়ত আঁতৰি গৈছে বুলি উল্লেখ কৰি লেখিকা শৰ্মাই কয় যে, এয়া এক ঘোৰ অন্যায় । লগতে তেওঁ কয় যে, চৰকাৰে শিক্ষাৰ উন্নয়নৰ শ্ল'গান দি উচ্ছেদৰ নামত চৰাঞ্চলৰ বিদ্যালয়সমুহ ভাঙিছে ।

চৰ অঞ্চলবোৰত উচ্ছেদ চলোৱাৰ মূল কাৰণ বেদখল নহয় । G20 ৰ বাবেহে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই উচ্ছেদ অভিযান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে শিখা শৰ্মাই । চৰ অঞ্চলৰ লোকসকলক উচ্ছেদ চলাই চৰ অঞ্চলত উদ্যোগ স্থাপন কৰাৰ অভিসন্ধি কৰাৰ অভিযোগ উত্থাপন কৰে বিতৰ্কিত লেখিকা শিখা শৰ্মাই ।

লগতে পঢ়ক: Cancer treatment in Assam : সমস্যাত পৰিছে কৰ্কট প্ৰতিৰোধী বনৌষধি দিয়া দুৰ্লভ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.