ETV Bharat / state

আমাক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যদাৰে সংৰক্ষণ লাগে: জ্যেষ্ঠ অধিবক্তা এম এনামূল হক - Senior advocate M Enamul Haque

ৰাজ্যজুৰি ইছলাম ধৰ্মীয় পাঁচ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যপক উৎসাহ উদ্দীপনাৰ লগতে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । পশ্চিমবংগৰ দৰে ইছলাম জনগোষ্ঠীয় লোকসকলকো অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যদাৰে সংৰক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ (Reservation of five Muslim communities with status of OBC) ৷

Muslim people demands obc reservation
Muslim people demands obc reservation
author img

By

Published : Jul 7, 2022, 10:21 PM IST

ধুবুৰী,7 জুলাই: ৰাজ্যজুৰি ইছলাম ধৰ্মীয় পাঁচ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদান কৰাক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যপক উৎসাহ উদ্দীপনা দেখা গৈছে । ইয়াৰ মাজতে ধুবুৰীত বৃহস্পতিবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ উদ্যোগত বিজয় উল্লাস পালন কৰা পৰিলক্ষিত হয় ৷

অসম চৰকাৰ ধন্যবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধ্বনি দিয়াৰ বিপৰীতে ৰাজপথত ফটকা ফুটাই, দেশী গীত গাই বিজয় উল্লাস পালন কৰে ৷ চৰকাৰৰ এনে পদক্ষেপক শলাগ লোৱাৰ লগতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সংসদৰ কেন্দ্ৰীয় সভাপতি তথা জ্যেষ্ঠ অধিবক্তা এম এনামূল হকে কয় যে, এই সিদ্ধান্ত ঐতিহাসিক আৰু যুগান্তকাৰী ৷ আমি বিজেপিক আন্তৰিক ধন্যবাদ জনাইছো ৷ পশ্চিমবংগৰ দৰে আমাকো অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যদাৰে সংৰক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছো (reservation of five Muslim communities with status of OBC) ৷ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ (Himanta Biswa Sarma govt) অহাৰ পৰা আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে সকলো কৰিছে ৷

আমাক অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যদাৰে সংৰক্ষণ লাগে: জ্যেষ্ঠ অধিবক্তা এম এনামূল হক

ইমান দিনে বিভিন্ন ৰাজনৈতিক দলে এই বিষয়টো অৱজ্ঞা কৰি আহিছিল যদিওঁ বৰ্তমান চৰকাৰে পাঁচ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়াৰ স্বীকৃতি দিয়াৰ ফলত নিজৰ এটা পৰিচয় পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে সভাপতি এনামূল হকে ৷

লগতে পঢ়ক : লেপটপ নিদিয়ে: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.