ETV Bharat / state

মিঞা স্বায়ত্ব শাসন গঠন নকৰিলে আত্মজাহৰ হুংকাৰ মিঞা পৰিষদৰ ! - কোচ ৰাজবংশী

কোচ ৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক লৈ কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠন কৰিলে মিঞা পৰিষদে আত্মজাহৰ লগতে অগ্নিকুণ্ড লৈ ৰূপান্তৰ হ’ব বুলি এইবাৰ সকীয়নি অসম মিঞা (অসমীয়া) পৰিষদৰ । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য তথা সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে সোণোৱাল চৰকাৰৰ জনগোষ্ঠীয় ৰাজনীতি ।

self-immolation roar by Miya parisad
আত্মজাহৰ হুংকাৰ মিঞা পৰিষদৰ
author img

By

Published : Dec 23, 2019, 11:04 PM IST

ধুবুৰী, 23 ডিচেম্বৰঃ অবিভক্ত গোৱালপাৰা জিলাক কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠনৰ বাবে সোণোৱাল চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণৰ পিছতেই বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । কোচৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক লৈ কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠন কৰিলে মিঞা পৰিষদে আত্মজাহৰ লগতে অগ্নিকুণ্ড লৈ ৰূপান্তৰ হ’ব বুলি এইবাৰ সকীয়নি অসম মিঞা (অসমীয়া) পৰিষদৰ । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য তথা সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে সোণোৱাল চৰকাৰৰ জনগোষ্ঠীয় ৰাজনীতি কৰাৰ অভিযোগ মিঞা পৰিষদৰ ।

আত্মজাহৰ হুংকাৰ মিঞা পৰিষদৰ

ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিঞা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক এম মহৰ আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । লগতে ১৯৯৪ চনৰ পৰাই মিঞা পৰিষদে মিঞা স্বায়ত্ব শাসন গঠনৰ দাবী কৰি আহিছে যদিও চৰকাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই বুলি উল্লেখ কৰে ৷ অহা এক সপ্তাহৰ ভিতৰত মিঞা স্বায়ত্ব শাসন গঠন কৰা নহ’লে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে দিছপুৰত আত্মজাহৰ হুংকাৰ মিঞা পৰিষদৰ । আনহাতে অসম মিঞা (অসমীয়া) ছাত্ৰ পৰিষদৰ সভাপতি এম আখেৰুজ্জামান মোল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৌগোলিক ভাবে নহয় চেটেলাইট পদ্ধতিৰে সম্প্ৰদায় পৰিসীমিতৰে মিঞা পৰিষদ গঠনৰ দাবী উত্থাপন কৰে ।

আৰু পঢ়কঃ পাঠশালাত ভয়াৱহ অগ্নিকাণ্ড: ভষ্মীভূত 30 লক্ষাধিক টকাৰ সম্পত্তি

Intro:অবিভক্ত গোৱালপাৰা জিলাক কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠনৰ বাবে সোণোৱাল চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণৰ পিছতেই বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কোচৰাজবংশী সকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাক লৈ কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠন কৰিলে মিঞা পৰিষদে আত্মজাহৰ লগতে অগ্নিকুণ্ড লৈ ৰূপান্তৰ হব বুলি এইবাৰ সকীয়নী অসম মিঞা (অসমীয়া) পৰিষদৰ।

Body:
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনক লৈ ৰাজ্য তথা সমগ্ৰ দেশ উত্তাল হৈ থকাৰ সময়তে সোণোৱাল চৰকাৰৰ জনগোষ্ঠীয় ৰাজনীতি। ৰাজ্য চৰকাৰৰ কেবিনেটে হঠাৎ স্বায়ত্ব শাসন গঠনৰ সিদ্ধান্ত লোৱাত বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাক সামৰি লৈ কোচৰাজবংশী সকলৰ বাবে কমতাপুৰ স্বায়ত্ব শাসন পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰৰ এনে সিদ্ধান্তক গৰিহণা দিয়ে অসম মিঞা (অসমীয়া) পৰিষদে। ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মিঞা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক এম মহৰ আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিঞা অসমীয়া লোক সকলৰ বসতি প্ৰধান গোৱালপাৰা জিলাক কোচৰাজবংশী সকলৰ বাবে কমতাপুৰ স্বায়ত্ব শাসন গঠন কৰিলে অগ্নিকুণ্ডত পৰিণত হব বুলি অসম চৰকাৰক সকীয়নী প্ৰদান কৰে। লগতে ১৯৯৪ চনৰ পৰাই মিঞা পৰিষদে মিঞা স্বায়ত্ব শাসন গঠনৰ দাবী কৰি আহিছে যদিওঁ চৰকাৰে সেই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই যদিওঁ এক সপ্তাহৰ ভিতৰত মিঞা স্বায়ত্ব শাসন গঠন কৰা নহলে তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণৰ লগতে দিছপুৰত আত্মজাহৰ হুংকাৰ মিঞা পৰিষদৰ।

Byte:- এম মহৰ আলী, সাধাৰণ সম্পাদক, অসম মিঞা ( অসমীয়া) পৰিষদ।

আনহাতে অসম মিঞা (অসমীয়া) ছাত্ৰ পৰিষদৰ সভাপতি এম আখেৰুজ্জামান মোল্লাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৌগোলিক ভাবে নহয় চেটেলাইট পদ্ধতিৰে সম্প্ৰদায় পৰিসীমিতৰে মিঞা পৰিষদ গঠনৰ দাবী উত্থাপন কৰে।

Byte:- এম আখেৰুজ্জামান মোল্লা, সভাপতি, অসম মিঞা (অসমীয়া) ছাত্ৰ পৰিষদ।

Conclusion:উল্লেখযোগ্য যে, অবিভক্ত গোৱালপাৰা জিলাক লৈ কমতাপুৰ স্বায়ত্ব শাসন গঠনৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লোৱাৰ পিছতেই বিভিন্ন সংগঠনৰ লগতে জাঙুৰ খাই উঠিছে মিঞা পৰিষদ। এনে সময়তে মিঞা পৰিষদে দিয়া দাবী আৰু সকীয়নীৰ পিছত ৰাজ্য চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া সময়তহে স্পষ্ট হব।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.