ETV Bharat / state

বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায়

author img

By

Published : Feb 4, 2020, 8:17 PM IST

বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায় ৷ সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে জব্দ কৰে দুখনকৈ অবৈধভাবে শিল বালি কঢ়িওৱা বাহন ৷

seized illegal sand gravel at bilashipara
বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায়

পশ্চিম বিলাসীপাৰা, 4 ফেব্ৰুৱাৰী : বিলাসীপাৰাত চালান বিহীন ভাৱে টিপকাই নৈৰ শিল বালিৰ চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ টিপকাই নৈৰ শিল বালিৰ চোৰাং ব্যৱসায় দীৰ্ঘদিনীয়াকৈ চলাই অহাৰ অভিযোগ উত্থাপনৰ পাছতেই বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে চলায় এক অভিযান ৷ সোমবাৰে চলোৱা অভিযানত ৰাণীগঞ্জ বজাৰৰ সমীপত অবৈধভাৱে শিল আৰু বালি কঢ়িওৱা দুখন বলেৰ' পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিষয়াৰ উপস্থিতিৰ উমান পাই চোৰাং শিল বালি কঢ়িওৱা বাহন দুখনৰ চালক পলাই যাবলৈ সক্ষম হয় যদিও AS ১৭ B ৬৭২৭ নম্বৰৰ শিল ভৰ্তি বলেৰ' পিকআপৰ লগতে AS ০১ AC ৬১২৩ নম্বৰ বালি ভৰ্তি বলেৰ' পিকআপখন জব্দ কৰে বন বিষয়াই ৷ বাহন দুখনৰ গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাপটগ্ৰাম বন কাৰ্যালয়ৰ বন বিষয়াই মন্তব্য কৰে ৷

বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায়

আৰু পঢ়ক : বিলাসীপাৰা আছু কাৰ্যালয় লণ্ডভণ্ডৰ অভিযোগত আটক এজন

Intro:Slug:Bilasipara seized illegal Sand Grevel & Two Bolero pikup,
Date - 4/2/2020
Anchor :-- বিলাসীপাৰাত অব্যাহত আছে অবৈধ শিল বালিৰ ৰমৰমীয়া ব্যৱসায় | ৰাজ্যৰ ভিতৰত অতি উন্নত মানৰ বুলি চিনাক্ত হয় টিপকাই নৈৰ শিল বালি | কিন্তু চৰকাৰী ৰাজহ ফাকিৰে এচাম চোৰাং ব্যৱসায়ীয়ে চালান বিহীন ভাবে নৈ খনৰ শিল বালিৰ চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ দীৰ্ঘ দিনীয়া | Body:কোটি কোটি টকাৰ ৰাজহ ফাকিৰে বন বিভাগৰ একাংশ উচ্চ পৰ্য্যায়ৰ বিষয়াক মেনেজ কৰি দিনে নিশাই চলাই আহিছে শিল বালিৰ চোৰাং ব্যৱসায় | তেনে সময়তে বিভাগটোৰ সাপটগ্ৰাম কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে চলায় এক নাটকীয় অভিযান | অভিযানত দুখনকৈ অবৈধ ভাবে শিল বালি কঢ়িওৱা বাহন জব্দ কৰে | বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত সাপটগ্ৰাম বন কাৰ্যালয়ৰ বিষয়া কৰ্মীয়ে সোমবাৰে বিয়লি চলোৱা অভিযানত ৰাণীগঞ্জ বজাৰৰ সমীপত অবৈধ ভাবে শিল আৰু বালি কঢ়িওৱা দুখন বলেৰ' পিকআপ বাহন জব্দ কৰিবলৈ সক্ষম হয় | বন বিষয়া কৰ্মীৰ উপস্থিতিৰ উমান পাই চোৰাং শিল বালি কঢ়িওৱা বাহন দুখনৰ চালক পলাই যাবলৈ সক্ষম হয় | এ এছ ১৭ বি ৬৭২৭ নম্বৰৰ শিল ভৰ্তি বলেৰ' পিকআপ খনৰ লগতে এ এছ ০১ এ চি ৬১২৩ নম্বৰ বালি ভৰ্তি বলেৰ' পিকআপ খন জব্দ কৰি সাপটগ্ৰাম বন কাৰ্যালয়লৈ নিয়ে | অবৈধ ভাবে শিল বালি কঢ়িওৱা বাহন দুখনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি বিভাগীয় সুত্ৰে জানিব দিয়ে |
Conclusion:Byte বন বিষয়া, সাপটগ্ৰাম বন কাৰ্যালয় |
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.