ETV Bharat / state

ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈয়ে বিপদ নমাইছে ধুবুৰীত

ৰাজ্যৰ অন্ত প্ৰান্তৰ লগতে বিলাসীপাৰাতো বানপানীয়ে জুৰুলা কৰিছে ৰাইজক ৷ ইতিমধ্যে,বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চল প্ৰথমটো বানত তচনচ হোৱাৰ পিচত পুনৰ দ্বিতীয়টো বানে সৰ্বহাৰা কৰিছে অঞ্চলবাসীক ৷ কাঠালদি ৩য় খণ্ড গাঁৱৰ প্ৰায় 10 টা পৰিয়াল খহনীয়াৰ কবলত পৰি গৃহহীন হৈ পৰিছে ৷ লগতে খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে আন এখন চৰকাৰী বিদ্যালয় ৷ যাৰবাবে বিদ্যালয়খনৰ নথি-পত্ৰৰ লগতে আচবাব সমূহ উদ্ধাৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কৰ্তৃপক্ষ তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ তৎকালীনভাৱে জনতা প্ৰাথমিক নামৰ চৰকাৰী বিদ্যালয়খনত বিলাসীপাৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনোজ কুমাৰ ফুকন উপস্থিত হৈ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে চেষ্টা চলাই চলাইছে বুলি জানিব পৰা গৈছে ৷

author img

By

Published : Jul 13, 2020, 5:21 PM IST

Schools left destroyed by Assam Floods in Dhubri Bilasipara
ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে অশনি সংকেত নমাই আনিছে বানাক্ৰান্তক

বিলাসীপাৰা, 13 জুলাই : এফালে ক'ভিড-19 ৰ সংহাৰী ৰূপ আৰু আনফালে বানপানীয়ে জুৰুলা কৰিছে অসমবাসী ৰাইজক ৷ নামনি-উজনি বহুবোৰ অঞ্চল বৰ্তমান পানীৰ কবলত পৰিছে ৷ ৰাজ্যৰ অন্ত প্ৰান্তৰ লগতে বিলাসীপাৰাতো বানপানীয়ে জুৰুলা কৰিছে ৰাইজক ৷ ইতিমধ্যে,বিলাসীপাৰা মহকুমাৰ বিভিন্ন অঞ্চল প্ৰথমটো বানত তচনচ হোৱাৰ পিচত পুনৰ দ্বিতীয়টো বানে সৰ্বহাৰা কৰিছে অঞ্চলবাসীক ৷

ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰি তুলিছে মহকুমাটোৰ বিস্তীৰ্ণ অঞ্চল ৷ সমান্তৰালভাৱে গৌৰাং নৈৰ খহনীয়াৰ তাণ্ডৱত ইতিমধ্যে নৈৰ গৰ্ভত জাহ গৈছে ৫ খন কৈ চৰকাৰী বিদ্যালয় ৷ কাঠালদি ৩য় খণ্ড গাঁৱৰ প্ৰায় 10 টা পৰিয়াল খহনীয়াৰ কবলত পৰি গৃহহীন হৈ পৰিছে ৷ লগতে খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে আন এখন চৰকাৰী বিদ্যালয় ৷ যাৰ বাবে বিদ্যালয়খনৰ নথি-পত্ৰৰ লগতে আচবাব সমূহ উদ্ধাৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কৰ্তৃপক্ষ তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ তৎকালীনভাৱে জনতা প্ৰাথমিক নামৰ চৰকাৰী বিদ্যালয়খনত বিলাসীপাৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মনোজ কুমাৰ ফুকন উপস্থিত হৈ পৰিস্থিতি মোকাবিলা কৰাৰ বাবে চেষ্টা চলাই চলাইছে বুলি জানিব পৰা গৈছে ৷

আনহাতে,ৰাইজৰ অভিযোগ অনুসৰি,ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল,স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীক বহু বাৰ আবেদন কৰাৰ পিচতো কোনো সুফল পোৱা নাই ৷ যাৰ ফলত এই অৱস্থা হ'বলৈ পালে বুলি ৰাইজে অভিযোগ তুলিছে ৷ লগতে,খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে খহনীয়াত ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক : প্ৰলয়ংকাৰী বানত প্লাৱিত ৰঙিয়াৰ শতাধিক গাওঁ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.