ETV Bharat / state

খহি পৰিল ৰামৰাইকুটী সত্ৰৰ গুৰুগৃহৰ ছাদ

ভাৰত বাংলা সীমান্তৰ সত্ৰশালত অঘটন ৷ খহি পৰিল ৰামৰাইকুটী সত্ৰৰ গুৰুগৃহৰ ছাদ ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল ভকতৰ ৷ সত্ৰৰ নিৰ্মাণ সমিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সত্ৰ মহাসভা তথা সত্ৰীয়া সমাজ ৷ আঠ বছৰে সম্পন্ন নহ'ল আবন্টিত ধনৰ কাম ৷

author img

By

Published : Jul 30, 2019, 7:04 PM IST

Updated : Jul 30, 2019, 7:27 PM IST

খহি পৰিল ৰামৰাইকুঠী সত্ৰৰ গুৰুগৃহৰ ছাদ

ধুবুৰী, 30জুলাইঃ ধুবুৰী জিলা প্ৰশাসনৰ চৰম হেমাহিৰ বাবে জহি খহি গৈছে ঐতিহাসিক শ্ৰী শ্ৰী ধাম ৰামৰাইকুটী সত্ৰ ৷ পোন্ধৰশ শতিকাতে শ্ৰীমন্ত শংকৰ দেৱে স্থাপন কৰা সত্ৰখনৰ দীৰ্ঘদিন ধৰি গুৰু মন্দিৰৰ ছাদ ফুটা হৈ পানী পৰি আছিল ৷ কিন্তু সোমবাৰে হঠাৎ ভাগি পৰে মন্দিৰৰ ছাদৰ কিছু অংশ ৷ অৱশ্যে দৈৱক্ৰমে ৰক্ষা পৰে তাত উপস্থিত থকা ভকত-বৈষ্ণৱসকল ৷ উল্লেখ্য যে ২০১১ চনতে সত্ৰৰ কাৰণে ৰাজ্য চৰকাৰে আবন্টন দিছিল এক কোটি ছয়ত্ৰিশ লাখ টকা ৷ ইপিনে উক্ত ধন ৰাশিৰ মাত্ৰ ত্ৰিশ শতাংশ কামহে সম্পন্ন হয় বিগত আঠ বছৰত ৷ আনহাতে এই সন্দৰ্ভত অৱগত কৰোৱাৰ বাবে সত্ৰখনৰ নিৰ্মাণ কমিটিৰ সভাপতি তথা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ তাঁতবাতি কৰি হতাশ হৈ পৰে সত্ৰখনৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী | ইয়াৰ পাচতেই এতিয়া সত্ৰৰ নিৰ্মাণ সমিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সত্ৰ মহাসভা তথা সত্ৰীয়া সমাজ |

Intro: ভাৰত বাংলা সীমান্তৰ সত্ৰশালত অঘটন ৷ খহি পৰিল ৰামৰাইকুঠী সত্ৰৰ গুৰুগৃহৰ ছাদ ৷ কথমপি প্ৰান ৰক্ষা পৰিল ভকতৰ প্ৰান ৷ সত্ৰৰ নিৰ্মান সমিতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল সত্ৰ মহাসভা তথা সত্ৰীয়া সমাজ| আঠ বছৰে সম্পন্ন হল আৱন্টিত ধনৰ ত্ৰিছ শতাংশ কাম|

Body:VO ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ সত্ৰশালত অৱস্থিত এইখন শ্ৰী শ্ৰী ধাম ৰামৰাইকুঠী সত্ৰ| পোন্ধৰশ শতিকাত শ্ৰী মন্ত শংকৰ দেৱে স্থাপন কৰিছিল সত্ৰ খন| গুৰুজনাৰ উপস্থিতিত ইয়াতেই আই ভুৱনেশ্বৰী আৰু চিলাৰায়ৰ বিবাহ কাৰ্য সম্পন্ন হৈছিল| ধুবুৰী জিলা প্ৰশাসনৰ চৰম হেমাহীৰ বাবে জহি খহি গৈছে ঐতিহাসিক সত্ৰখন৷ দীৰ্ঘদিন ধৰি সত্ৰ খনৰ গুৰু মন্দিৰৰ ছাদ ফুটা হৈ পানী পৰি আছিল | কিন্তু সোমবাৰে প্ৰসংগ চলি থকা সময়তে ভাগি পৰে মন্দিৰৰ ছাদ | কিন্তু দৈৱ ক্ৰমে ৰক্ষা পৰে ভকত| উল্লেখ্য যে ২০১১ চনতে সত্ৰৰ কাৰণে ৰাজ্য চৰকাৰে আৱন্টন দিয়ে এক কোটী ছয়ত্ৰিছ লাখ টকা | উক্ত ধনৰ আট বছৰত সম্পন্ন হয় মাত্ৰ ত্ৰিছ শতাংশ কাম| মূল নামঘৰ, গুৰু মন্দিৰ নিৰ্মাণ বা পুন: নিৰ্মাণৰ অভাৱত হৈ পৰিছে মৰণ ফান্দ| সত্ৰৰ নিৰ্মান কমিটিৰ সভাপতি যিহেতু জিলা উপায়ুক্ত | সেয়ে উপায়ুক্তৰ কাৰ্যালয়লৈ তাতবাটি কৰি কৰি হতাশ হৈ পৰে সত্ৰ খনৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী |
বাইট : জিতেন্দ্ৰ নাথ প্ৰধানী
সভাপতি অসম সত্ৰ মহা সভা
Conclusion: জাতি মাটি ভেটিৰ শ্লোগানৰ সময়তে সত্ৰশাল সত্ৰৰ এনে উদাহৰনে আচলতে কি সুচাইছে ৷ চৰকাৰৰ কথাত গুৰুত্ব নিদিয়ে নেকি ধুবুৰীৰ জিলা উপায়ুক্ত ই ৷৷
Last Updated : Jul 30, 2019, 7:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.