ETV Bharat / state

ধুবুৰীত বালিৰ ছিণ্ডিকেট!!

গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুখনকৈ অবৈধ বালি কঢ়িওৱা নাও

ধুবুৰীত বালি ছিণ্ডিকেট
author img

By

Published : Jun 24, 2019, 2:50 PM IST

Updated : Jun 24, 2019, 7:37 PM IST

ধুবুৰী, 24 জুনঃ ধুবুৰীত চলিছে বালি ছিণ্ডিকেট !! ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰ চাপৰিৰ পৰা অবৈধ ভাৱে খনন কাৰ্য চলাই বালি বিক্ৰী কৰি আহিছে একাংশ ব্যৱসায়ীয়ে । এই অভিযোগ উত্থাপন কৰিছে স্থানীয়লোকে ৷ ধুবুৰীৰ বন বিভাগৰ সৈতে গোপন বুজাবুজি থকাৰ বাবেই একাংশ ব্যৱসায়ীয়ে প্ৰতিদিনে চলাই যাবলৈ সক্ষম হৈছে এই বালি ছিণ্ডিকেট ৷

ধুবুৰীত বালি ছিণ্ডিকেট

সোমবাৰে এক গোচৰৰ ভিত্তিতে গৌৰীপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় দুখনকৈ অবৈধ বালি কঢ়িওৱা নাও। আব্দুল মান্নান শ্বেখ নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে বালি ভৰ্তি খন নাও।

উল্লেখযোগ্য যে,এনে ছিণ্ডিকেটৰ ফলতেই চৰকাৰে দীৰ্ঘদিন ধৰি হেৰুৱাবলগীয়া হৈছে বৃহৎ পৰিমাণৰ ৰাজহ । অৱশ্যে আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব এই বালি ছিণ্ডিকেটৰ সৈতে কোন কোন বিষয়া জড়িত আছে ৷

SLUG- A_DHB_801_806_24JUNE_BALI_SENDICATE_VIS_SHAHANUR
( Files send through FTP )
     oc/vo:- ধুবুৰীত বন বিভাগৰ বালি ছিণ্ডিকেট। ব্ৰহ্মপুত্ৰৰ বিভিন্ন চৰ চাপৰিৰ পৰা অবৈধ ভাৱে খনন কাৰ্য্য চলাই বালি বিক্ৰী কৰি আহিছে একাংশই। ধুবুৰী বন বিভাগৰ সৈতে নিয়মীয়া বুজাবুজিৰ ভিত্তিত একাংশই প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত চলাইছে খনন কাৰ্য্য। ইপিনে এনে এক গোচৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে জব্দ কৰিলে দুখনকৈ অবৈধ বালি কৰিওৱা নাওঁ। আব্দুল মান্নান সেখ নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে বালিভৰ্তি নাও দুখন। উল্লেখযোগ্য যে, বন বিভাগৰ সৈতে ছিণ্ডিকেট গঢ়ি তোলাৰ ফলত চৰকাৰে হেৰুৱাব লগীয়া হৈছে ৰাজহ। এই বালি ছিণ্ডিকেটৰ সৈতে কোন কোন বিষয়া জড়িত হৈ আছে সেয়া প্ৰকাশ কৰিম পৰৱৰ্তী সময়ত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Jun 24, 2019, 7:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.