ETV Bharat / state

এটা ফোনকল আৰু এগৰাকী বন বিষয়াক আক্ৰমণ ! - এটা ফোনকল আৰু এগৰাকী বন বিষয়াক আক্ৰমণ

অবৈধ বালি আৰু মাটি খননৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি শালকোচা আঞ্চলিক বন বিষয়া-কৰ্মীৰ দল ৷

দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি শালকোচা আঞ্চলিক বন বিষয়া-কৰ্মী,বিলাসীপাৰাত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি বন বিষয়া-কৰ্মী,Sand Mafia Attack Forest Officer at Bilasipara
বিলাসীপাৰাত দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি বন বিষয়া-কৰ্মী
author img

By

Published : Mar 1, 2020, 6:18 PM IST

বিলাসীপাৰা, 1 মাৰ্চঃ বিলাসীপাৰাত দেওবাৰে শালকোচা আঞ্চলিক বন বিষয়া-কৰ্মীৰ দলৰ ওপৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ ৷ অনিৰুদ্ধ পাঠকৰ নেতৃত্বত বন কৰ্মীৰ দল এটাই কাঠালদি তৃতীয় খণ্ড গাঁৱত অবৈধ বালি আৰু মাটি খননৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈয়ে আক্ৰমণৰ সন্মুখীন হয় ৷

উল্লেখ্য যে, গাঁওখনত অবৈধভাৱে বালি আৰু মাটি খনন কাৰ্য চলি থকা বুলি কোনো লোকে ফোনযোগে অৱগত কৰিছিল বন বিষয়া গৰাকীক ৷ ইয়াৰ ভিত্তিতেই বন বিষয়া কৰ্মীৰ দলটোৱে পুৱাৰ ভাগত গাঁৱখনত গৈ উপস্থিতি হয় ৷ কিন্তু দলটোৰ উপস্থিতিৰ উমান পাই হাতে হাতে লাঠি জং লৈ বন বিষয়া কৰ্মীক দুষ্কৃতিকাৰী দল এটাই আক্ৰমণ কৰিবলৈ খেদি খেদি যায় ৷ পিচত প্ৰাণৰ সংশয়ত স্থানীয় এঘৰত আশ্ৰয় লয় বন বিষয়া কৰ্মীৰ দলটোৱে ৷

দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি শালকোচা আঞ্চলিক বন বিষয়া-কৰ্মী

পৰৱৰ্তী সময়ত বিলাসীপাৰা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বন বিষয়া-কৰ্মীৰ দলটোক উদ্ধাৰ কৰি থানা লৈ আনে ৷ কিন্তু অবৈধ বালি খনন কৰা দুষ্কৃতিকাৰীৰ দলটোৱে বন বিষয়াগৰাকীৰ চৰকাৰী বাহনখনৰ আইনা ভাঙি চূড়মাৰ কৰাৰ লগতে টায়াৰো কাটি দিয়ে ৷

কাঠালদি তৃতীয় খণ্ড গাঁৱত সংঘটিত হোৱা এই ঘটনাই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ ইতিমধ্যে বিলাসীপাৰা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে বন বিষয়া অনিৰুদ্ধ পাঠকে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ঘটনাত জড়িত কোনো এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.