ETV Bharat / state

পশ্চিম বিলাসীপাৰাত পৰম্পৰাগত ভাৱে পালন চড়ক পূজা - বিলাসীপাৰা

দেওবাৰে বিয়লি কৃষ্ণ নগৰত উদুলি মুদুলি পৰিৱেশ ৷ বিলাসীপাৰাত বিগত 48 বছৰ ধৰি পালন কৰি অহা হৈছে এই চড়ক পূজা

বিলাসীপাৰাত পৰম্পৰাগত ভাৱে পালন চড়ক পূজা
author img

By

Published : Apr 15, 2019, 9:58 AM IST

বিলাসীপাৰা , 15 এপ্ৰিলঃ দেওবাৰে পশ্চিম বিলাসীপাৰাৰ কৃষ্ণ নগৰত পৰম্পৰাগতভাৱে পালন কৰা হয় চড়ক পূজা ৷ অগণন ভক্তৰ সমাগমেৰে বিলাসীপাৰাত পালন কৰা হয় 48তম চড়ক পূজা ৷

বিলাসীপাৰাত পৰম্পৰাগত ভাৱে পালন চড়ক পূজা

প্ৰবাদ অনুসৰি তাহানিতে অসমৰ শোণিতপুৰত প্ৰথমে আৰম্ভ হৈছিল চড়ক পূজা ৷ কালক্ৰমত ই বিভিন্ন স্থানলৈ প্ৰসাৰিত হয়গৈ,পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন স্থানত এই চড়ক পূজা পালন কৰি অহা হৈছে ৷ কঠোৰ ব্ৰতৰ মাজেৰে পুৰোহিতসকলে চড়ক পূজা পালন কৰে ৷ পূজাৰ এসপ্তাহ পূৰ্বৰে পৰা চড়কৰ শুল বিন্ধি দিয়া ব্যক্তিজনক হৰ গৌৰীৰ সাধনা কৰি প্ৰস্তুত কৰি তোলা হয় ৷ চড়ক পূজাৰ দিনা সেই বিশেষ ব্যক্তিজনৰ পিঠিত লোৰে প্ৰস্তুত কৰা শুল বিন্ধি দি কল গছেৰ নিৰ্মাণ কৰি উলিওৱা চড়ক তুলি সাত পাক ঘুৰোৱা হয় ৷ ধুপ চাকি আই মাতৃ সকলৰ উৰুলি, শঙ্খধ্বনি আদি মাংগলিক প্ৰথাৰে পালন কৰা হয় চড়ক পূজা ৷ মূলতঃ এই পূজাৰ বিশেষত্ব হৰ গৌৰীৰ আৰাধনা বুলি কোৱা হয় ৷ এই পূজা অৰ্চনাৰ যোগেদি সমাজৰ অপায় অমংগল দূৰ কৰা তথা বিশ্ব শান্তি কামনা কৰে ভক্তপ্ৰাণ ৰাইজে ৷

Intro:A. I - চ'ত মাহৰ সংক্ৰান্তি | এই সংক্ৰান্তি তিথিৰ দিনা বিলাসীপাৰাত বিগত ৪৮ বছৰ ধৰি পালন কৰি অহা হৈছে চড়ক পূজা | দেওবাৰে সন্ধিয়া পশ্চিম বিলাসীপাৰাৰ কৃষ্ণ নগৰত পৰম্পৰাগত ভাৱে পালন কৰা হয় চড়ক পূজা | Body:V. O - দেওবাৰে সন্ধিয়া কৃষ্ণ নগৰত উদুলি মুদুলি পৰিৱেশ | অগণন ভক্তৰ সমাগমেৰে পালন কৰা হয় ৪৮ তম চড়ক পূজা অৰ্চনাৰ | প্ৰবাদ মতে তাহানিতে অসমৰ শোনিপুৰত প্ৰথমে আৰম্ভ হোৱা চড়ক পূজা কাল ক্ৰমত বিভিন্ন স্থানত পালন কৰি অহা হৈছে | কঠোৰ ব্ৰতৰ মাজেৰে পুৰোহিতে পালন কৰে এই পূজা অৰ্চনা | পূজাৰ এসপ্তাহ পূৰ্বৰে পৰা চড়কৰ শুল বিন্ধি দিয়া ব্যক্তি জনক হৰ গৌৰীৰ সাধন কৰি প্ৰস্তুত কৰি তোলা হয় |Conclusion:চড়ক পূজাৰ দিনা সেই বিশেষ ব্যক্তি জনৰ পিঠিত লোৰে প্ৰস্তুত কৰা শুল বিন্ধি দি কল গছেৰ নিৰ্মাণ কৰি উলিওৱা চড়ক তুলি সাত পাক ঘুৰোৱা হয় | ধুপ চাকি আই মাতৃ সকলৰ উৰুলি, শঙ্খধ্বনি অাদি মাঙ্গলিক প্ৰথাৰে পালন কৰা হয় চড়ক পূজা | মুলত হৰ গৌৰী আৰাধনা কৰাই এই পূজাৰ বিশেষত্ব বুলি পুৰোহিতে জানিবলৈ দিয়ে | এই পূজা অৰ্চনাৰ যোগেদি সমাজৰ অপায় অমংগল দুৰ কৰা তথা বিশ্ব শান্তি কামনা কৰে ভক্তপ্ৰাণ সকলে |
Bite পুৰোহিত
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.