ETV Bharat / state

পথ দুৰ্ঘটনাত থিতাতে নিহত কিশোৰী

author img

By

Published : Oct 3, 2020, 8:42 PM IST

বিলাসীপাৰাৰ মাক্ৰীঝোৰাত শনিবাৰে সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী কিশোৰীয়ে ৷

Road accident one spot dead in bilasipara dhubri assam etv bharat news
পথ দুৰ্ঘটনা

পশ্চিম বিলাসীপাৰা,3 অক্টোবৰ : শনিবাৰে বিলাসীপাৰাৰ মাক্ৰীঝোৰাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী কিশোৰীয়ে ৷ ট্ৰাক আৰু টেম্প’ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত নিহত হোৱা কিশোৰীগৰাকী লক্ষীগঞ্জৰ ৰফিকা খাতুন বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে, দুৰ্ঘটনাটোৰ ফলত আহত হৈছে টেম্প’খনত অহা কেইবাগৰাকীও যাত্ৰী ৷ দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত ততালিকে উপস্থিত হয় বগৰীবাৰী আৰক্ষী ৷ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত আহত ব্যক্তিসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাত পতিত হোৱা টেম্প’খন এ এছ 17 চি 3017 আৰু ট্ৰাকখন এনএল 01 এবি 4638 নম্বৰৰ ৷ এই পথ দুৰ্ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলায় ৷

লগতে চাওকঃ সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা ড্ৰাগছ মাফিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.