ধুবুৰী,16 মাৰ্চ: মঙলবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নিকটৱৰ্তী ঝগৰাৰপাৰ এলেকাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ব্যক্তিগত এম্বুলেঞ্চ আৰু ই ৰিক্সাৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ৷
তীব্ৰ গতিত অহা এম্বুলেঞ্চখনে দুখন ই ৰিক্সাক পিছফালৰ পৰা খুন্দা মাৰে ৷ ফলত এম্বুলেঞ্চখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষতে থকা দ্যা হাৰ্ট নামৰ এখন ঔষধৰ দোকানত খুন্দিওৱাৰ পিছত ব্যাপক ক্ষয়-ক্ষতি হয় । তেনে সময়ত অৰ্পণা ৰায় (৩৮) নামৰ ধুবুৰী অসামৰিক চিকিৎসালয়ত নিজৰ কৰ্তব্য পালন কৰি খোজকাঢ়ি গৈ থকা অৱস্থাত নাৰ্চ গৰাকীক খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় ।
উক্ত দুৰ্ঘটনাত এম্বুলেঞ্চ চালকসহ আহত হয় মুঠ চাৰি গৰাকী লোক । আহতসকল ক্ৰমে আমিনুৰ আলী (25), আবুল হুছেইন (40) আৰু ৰোজ মহম্মদ (19) ৷ এই আহত ব্যক্তি সকলক ধুবুৰী অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়তে মৃত্যু ঘটে নাৰ্চ গৰাকীৰ ৷