ধুবুৰী, 8 নৱেম্বৰ : দেওবাৰে ধুবুৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নিউ পাণবাৰী অঞ্চলত ট্ৰেক্টৰ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈ থিতাতে নিহত হয় দুজনকৈ লোক ৷ নিহত লোক দুজন ট্ৰেক্টৰ চালক আবুল হুছেইন আৰু শ্ৰমিক গিয়াছ উদ্দিন আহমেদ বুলি জানিব পৰা গৈছে ।
![road-accident-in-dhubri-two-dead](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-01-8nov-accident-7203850_08112020101420_0811f_1604810660_148.jpg)
উল্লেখ্য যে, যাত্ৰীবাহী বাছখন ধুবুৰীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল । তেনে সময়তে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হয় । অৱশ্যে, কোনো বাছ যাত্ৰী আহত হোৱাৰ খবৰ পোৱা নাই ।
![road-accident-in-dhubri-two-dead](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9474009_tt.jpg)
লগতে পঢ়ক : ৯ নৱেম্বৰত পূৰ্ণ হ'ব কলাক্ষেত্ৰৰ 23 বছৰ