পূৱ বিলাসীপাৰা, 18 চেপ্টেম্বৰ : শুকুৰবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত এক পথ দুৰ্ঘটনা সংঘটিত হয় । চাপৰৰ ৰৌমাৰীস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰে ঠেলা চালক এজনে গৈ থাকোতে পিছফালৰ পৰা টেম্প এখনে চালকজনক মহতিয়াই নিয়ে বুলি জানিব পৰা গৈছে ।
ইফালে,দুৰ্ঘটনাত ঠেলা চালক মহম্মদ আলী গুৰুতৰভাবে আঘাত প্ৰাপ্ত হয় । আহত মহম্মদ আলীক ততালিকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা হৈছে । ইপিনে,দুৰ্ঘটনা সংঘটিত কৰি টেম্পখন ৰাজপথৰ দাঁতিত বাগৰি পৰে ।
লগতে পঢ়ক : শাম কটাৰ দিশে ভাৰত-ভূটান সীমান্তৰ হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত