ETV Bharat / state

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২,আহত ১২ জন

author img

By

Published : Mar 3, 2020, 8:01 AM IST

যোৱা নিশা প্ৰায় 11 বজাত বিলাসীপাৰাৰ যমদুৱাৰ চিৰাকুটাত AS-17B-8610 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰেক্টৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দ খাৱৈত ৷ দুৰ্ঘটনাৰ ফলত দুজন লোক নিহত হোৱাৰ লগতে আহত হয় 12 জনকৈ লোক ৷

নিহত ২, আহত ১২ জন
নিহত ২, আহত ১২ জন

বিলাসীপাৰা, 3 মাৰ্চঃ বিলাসীপাৰাত সোমবাৰে নিশা প্ৰায় 11 বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যমদুৱাৰ চিৰাকুটাত AS-17B-8610 নম্বৰৰ তীব্ৰ বেগী ট্ৰেক্টৰ এখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে ৷ এই দুৰ্ঘটনাৰ ফলত ট্ৰেক্টৰৰ চেপাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 12 জন লোক ৷ ঘটনাস্থলীত বিলাসীপাৰা আৰু শালকোছা আৰক্ষী চকীৰ লোক উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

উল্লেখ্য যে, সম্প্ৰতি বিলাসীপাৰাত একাংশ 14-15 বছৰীয়া কিশোৰ ট্ৰেক্টৰ চালকে দিনে নিশাই তীব্ৰ বেগত ট্ৰেক্টৰ চলাই আহিছে ৷ একাংশ দালালৰ সহযোগত চালকৰ অনুজ্ঞাপত্ৰ উলিয়াই কিশোৰসকলে এনেদৰে ট্ৰেক্টৰ বা অন্য যান বাহন চলোৱাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বৰপেটাত দলঙৰ ৰেলিং ভাঙি পল্লা নৈত পৰিল ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.