ETV Bharat / state

Miya Museum Controversy: মিঞা মিউজিয়ামৰ গোচৰত অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেনক আটক

author img

By

Published : Oct 25, 2022, 9:53 PM IST

মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্ক অব্যাহত থকাৰ সময়তে অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে আব্দুল বাতেন নামৰ আন এজন অৱসৰপ্ৰাপ্ত অধ্যাপকক মঙলবাৰে নিশা আটক কৰিছে (Retired Professor Abdul Baten arrested)৷

Retired Professor Abdul Baten arrested in Mia Museum case
MiyaMuseum Controversy: মিঞা মিউজিয়ামৰ গোচৰত অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেনক আটক

ধুবুৰী, 25 অক্টোবৰ : গোৱালপাৰাত মিঞা সংগ্ৰহালয় উদ্বোধন কৰা প্ৰসংগত ধুবুৰীত আটক কৰা হৈছে অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেনক ( Miya Museum Controversy) ৷ মিঞা মিউজিয়ামক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্ক অব্যাহত থকাৰ সময়তে অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই ধুবুৰী আৰক্ষীয়ে আব্দুল বাতেন নামৰ আন এজন অৱসৰপ্ৰাপ্ত অধ্যাপকক আজি নিশা আটক কৰিছে (Retired Professor Abdul Baten arrested) ৷

সোমবাৰে গোৱালপাৰা জিলাৰ লক্ষীপুৰত অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীয়ে লাভ কৰা চৰকাৰী আৱাসগৃহত মিঞা মিউজিয়ামৰ আনুষ্ঠানিক উদ্বোধন কৰাৰ পিছৰ পৰাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । তাৰ পিছতেই জিলা প্ৰশাসনে উক্ত বিতৰ্কত মিউজিয়াম স্থাপন কৰা পি এম এ ৱাই ঘৰটো ছিল কৰি দিয়াৰ বিপৰীতে মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক গ্ৰেপ্তাৰ কৰে ।

তাৰ পিছতেই ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশ অনুসৰি গৌৰীপুৰ আৰক্ষীয়ে গৌৰীপুৰৰ আলমগঞ্জ অঞ্চলত অৱস্থিত অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেনক নিজা বাসগৃহৰ পৰা আটক কৰে (Abdul Baten arrested in Mia Museum case)। ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গৰাকীয়ে অসম মিঞা পৰিষদৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ মিঞা মিউজিয়ামৰ উদ্বোধন কাৰ্য্যসূচীত উপস্থিত আছিল উপ সভাপতি আব্দুল বাতেন।

অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল বাতেনক আৰক্ষীয়ে আটক কৰা বুলি পৰিয়ালৰ লোকে সদৰী কৰে যদিও এই সন্দৰ্ভত কোনো তথ্য সদৰী কৰা নাই জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ উল্লেখ্য, বিগত কেইটামান দিনত ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ আছে মিঞা সংগ্ৰহলায়ৰ প্ৰসংগক লৈ । মিঞা সংগ্ৰহালয়ক লৈ শাসক-বিৰোধী তথা ৰাজ্যৰ সচেতন লোকৰ মাজত বাক-বিতণ্ডা সৃষ্টি হৈ থকাৰ মাজতে দেওবাৰে অনুষ্ঠিকভাৱে উদ্বোধন কৰা হয় এই মিঞা সংগ্ৰহালয়টো (Miya Museum inaugurated at Lakhipur) ।অৱশ্যে কলাক্ষেত্ৰৰ পৰিৱৰ্তে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ ডাপকাৰভিটাত স্থাপন কৰা হয় এই সংগ্ৰহালয়টো ৷ মিঞা সংগঠনৰ একাংশ লোকে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল এই মিঞা সংগ্ৰহালয়টো ৷

তথ্য অনুসৰি, মিঞা পৰিষদৰ গোৱালপাৰা জিলাৰ সমিতিৰ উদ্যোগত মিঞা সংগ্ৰহালয় উদ্বোধন কৰিছিল আহোম ৰয়েল ছ’চাইটীৰ মুখ্য সাংগঠনিক সম্পাদক তনু ধাদুমীয়াই । উদ্বোধনী ভাষণ প্ৰদান কৰে মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলীয়ে । তাৰ পাচতে ৰাজ্যৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল এই মিঞা সংগ্ৰহালয়টোৱে ৷

লগতে পঢ়ক: Miya Museum : মিঞা পৰিষদৰ সভাপতি মহৰ আলীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.