ধুবুৰী, 23 আগষ্ট : দেওবাৰে সমগ্ৰ দেশৰ লগতে ধুবুৰীতো উদযাপন কৰা হয় পবিত্ৰ ৰাখী বন্ধন(Raksha Bandhan) ৷ জিলাখনৰ আস্থা গ্ৰুপৰ উদ্যোগত আৰক্ষী ছাউনীত পালন কৰা হয় এই বিশেষ দিনটো ৷ ধুবুৰীত কৰ্তব্যৰত আৰক্ষী বিষয়া আৰু বিএছএফ(BSF) জোৱানসকলক ৰাখী বান্ধি ভাতৃ-ভগ্নীৰ পৰিত্ৰ সম্পৰ্কৰ পৰিচয় দাঙি ধৰে আস্থা গ্ৰুপৰ কৰ্মকৰ্তাসকলে ।
ভাতৃৰ হাতত ৰাখী বান্ধি মিঠাই বিতৰণৰ লগতে মাস্ক আৰু চেনিটাইজাৰৰ টোপোলা উপহাৰ দিয়া পৰিলক্ষিত হয় । ইফালে নিজ ভগ্নীৰ পৰা দূৰত থাকিলেও ভগ্নীৰ অভাৱ অনুভৱ নকৰিলে আৰক্ষী বিষয়া-জোৱানসকলে । ভগ্নীৰ হাতৰ ৰাখী পিন্ধি ভগ্নীক সুৰক্ষা দিয়াৰ পণ লয় ধুবুৰী আৰক্ষীয়ে(Dhubri Police) ।
ইয়াৰ সমান্তৰালভাৱে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ভাৰত-বাংলা সীমান্তৰ কেইবাটাও বিঅ’পিত কৰ্মৰত BSF জোৱানৰ উপৰিও আৰক্ষী জোৱানসকলৰ হাতত ৰাখী বান্ধি এই পবিত্ৰ উৎসৱটি উদযাপন কৰে আস্থা গ্ৰুপে ৷
লগতে পঢ়ক: নুনমাটিস্থিত CRPF ৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত ৰাখী বন্ধন উৎসৱ উদযাপন