ETV Bharat / state

কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ

সোমবাৰে ধুবুৰী জিলাৰ গোলকগঞ্জত কংগ্ৰেছৰ বিশাল গণ সমাবেশ অনুষ্ঠিত হয় । সমাবেশত বিজেপিয়ে এন আৰ চি আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিশ্ৰুতি মতে কাম কৰা নাই বুলি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে ৰকিবুল হুছেইনে ৷

কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ
কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ
author img

By

Published : Feb 2, 2021, 10:58 AM IST

ধুবুৰী,2 ফেব্ৰুৱাৰী: ধুবুৰীৰ গোলকগঞ্জত কাব্যিক ভাষাৰে বিজেপিক ক্ষুৰধাৰ সমালোচনা ৰকিবুল হুছেইনৰ ৷ সোমবাৰে গোলকগঞ্জৰ এখন সভাত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত একালৰ সতীৰ্থ মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ ৰকিবুল হুছেইনে সমালোচনা কৰি কাব্যিক সুৰত কয় যে,গ'ল বন্ধু গ'ল,তোমালোকৰ চৰকাৰ গ'ল ৷ গোলকগঞ্জৰ পৰা তোমালোকৰ পতন আৰম্ভ হ'ল ৷ টালি টোপোলা বান্ধা,গোলকগঞ্জলৈ অহা,মানুহৰ দুখ বিলাক চোৱা, আৰু দিছপুৰত গৈ টালি টোপোলা বান্ধি দিছপুৰ এৰি দিয়া। এইবাৰ কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰক বাট এৰি দিয়া।

কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ
কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ

ইফালে,বিজেপিয়ে এন আৰ চি আৰু ছয়জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰতিশ্ৰুতি মতে কাম কৰা নাই বুলিও সমালোচনা কৰে ৰকিবুল হুছেইনে ৷ হেলিকপ্টাৰ উৰুৱাই ৰাইজৰ ধন শেষ কৰি চাউল,কেৰাচিন,ৰন্ধন গেছ আৰু পেট্ৰ'ল ডিজেলৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰি ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কোৱা চৰকাৰে এতিয়া ওলোটা খৰ মাৰিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

উল্লেখ্য যে,সোমবাৰৰ এই সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,বিধায়ক ৱাজেদ আলী চৌধুৰী,প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী,জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ,প্ৰাক্তন বিধায়ক জাহান উদ্দিন,জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলকে আদি কৰি বহু কংগ্ৰেছ নেতা কৰ্মীৰ লগতে প্ৰায় বিশ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক: বিজেপিক দেশৰ ইতিহাস পঢ়িবলৈ আহ্বান ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.