ETV Bharat / state

নিৰ্মাণৰ পাঁচ দিনতে খহি পৰিল বিলাসীপাৰাৰ এটা পথ - road construction scandal

পথটো নিৰ্মাণৰ বাবদ চৰকাৰে কিমান টকা আবন্টন দিছে,তাকো গোপনে ৰাখিছে নিৰ্মাণকাৰী ঠিকাদাৰ জনে । ইপিনে পথটোত কোনো শিল পাৰি নিদি মাটিৰ ওপৰতে পকীকৰণ কৰা অভিযোগ তুলে ৰাইজে|

নিৰ্মাণৰ পাঁচ দিনতে খহি পৰিল বিলাসীপাৰাৰ এটা পথ
author img

By

Published : Jun 26, 2019, 12:31 PM IST

বিলাসীপাৰা,২৬ জুন: নিৰ্মাণৰ পাঁচ দিনৰ পাচতে চকলা চকলে খহিছে বিলাসীপাৰা মহকুমাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঙালীপাৰাৰ-ফকিৰাগ্ৰাম সংযোগী গড়কাপ্তানি পথটো। বিগত ১৫ বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা অতি গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ বাবে শেহতীয়াকৈ চৰকাৰৰ ২০১৮-১৯ বৰ্ষৰ SOPD আঁচনিত ধন আবন্টন দিয়া হৈছিল ।

নিৰ্মাণৰ পাঁচ দিনতে খহি পৰিল বিলাসীপাৰাৰ এটা পথ

এই পথটো নিৰ্মাণৰ বাবে বঙাইগাঁৱৰ জনৈক অজিত নামৰ ঠিকাদাৰ এজনে নিবিদা লাভ কৰে। আৰু সেই মতে চলিত বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত পুৱ বিলাসীপাৰাৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে গড়কাপ্তানী বিভাগৰ ধুবুৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মেহেবুব আলী বক্সৰ উপস্থিতিত পথটোৰ আধাৰশিলা স্থাপন কৰে | ইয়াৰ পিচতে নিবিদা লাভ কৰা ঠিকাদাৰ জনে পথটোত আধাৰশিলাৰ ফলক এখন লগোৱাৰ বাদে কোনো আঁচনি ফলক নলগোৱাৰ অভিযোগ উত্থাপন কৰে অঞ্চলবাসীয়ে ৷ আঁচনি ফলক আঁৰি নিদিয়াকৈ ৰাইজক অন্ধকাৰত ৰাখি অতি নিম্নমানৰ সা-সামগ্ৰীৰে কাম চলাই অহা বুলিও অভিযোগ তুলি ৰাইজে। লগতে পথটো নিৰ্মাণৰ বাবদ চৰকাৰে কিমান টকা আবন্টন দিছে, তাকো গোপনে ৰাখিছে নিৰ্মাণকাৰী ঠিকাদাৰজনে । ইপিনে পথটোত কোনো শিল পাৰি নিদি মাটিৰ ওপৰতে পকীকৰণ কৰা অভিযোগ তুলে ৰাইজে ৷ যাৰ ফলত নিৰ্মাণৰত পথটো চকলা চকলে খহি পৰিছে । ৰাইজৰ অভিযোগ, দিনৰ পোহৰত নহয় নিশাৰ আন্ধাৰতহে ঠিকাদাৰ জনে এইদৰে পথ নিৰ্মাণৰ কাম কৰে । বিভাগীয় বিষয়া অভিযন্তাক মেনেজ কৰি ঠিকাদাৰ জনে চৰকাৰী ধন শৰাধ কৰাত উঠি পৰি লাগিছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰে । সেয়ে এই পথ মেৰামতিৰ নামত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত ৰাইজে চৰকাৰৰ হস্তক্ষেপ দাবী জনায় ।

Intro:Anchor - সব কা সাথ সব কা বিকাশ ' এই শ্ল'গানেৰে বিকাশৰ জয়ঢোল পিটিছে ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা | প্ৰকৃতাৰ্থত বিভাগটোত কিমান বিকাশ হৈছে তাক বিলাসীপাৰাৰ এই নিৰ্মীয়মাণ গড়কাপ্তানি পথটো প্ৰত্যক্ষ কৰিলে সহজেই অনুমান কৰিব পাৰি | নিৰ্মীয়মাণ পথটোত হাতেৰে খুচৰি দিলে চকলা চকল কৈ উঠি আহিছে পকী অংশ | Body:V. O - এই পথছোৱা লৈ মন কৰক | বিলাসীপাৰা মহকুমাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাঙালীপাৰাৰ পৰা ফকিৰাগ্ৰাম সংযোগী গড়কাপ্তানি পথ | বিগত ১৫ বছৰে মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰা অতি গুৰুত্বপূৰ্ণ পথটো সেহতীয়া কৈ চৰকাৰৰ ২০১৮ - ১৯ বৰ্ষৰ S O P D আঁচনিত ধন মঞ্জুৰী দিয়ে | পথটো নিৰ্মানৰ বাবে নিবিদা লাভ কৰে বঙাইগাঁৱৰ জনৈক অজিত নামৰ ঠিকাদাৰ জনে | সেই মতে চলিত বৰ্ষৰ যোৱা ৩ ফেব্ৰুৱাৰীত পুব বিলাসীপাৰাৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে গড়কাপ্তানি বিভাগৰ ধুবুৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা মেহেবুব আলী বক্সৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে | ইয়াৰConclusion:ইয়াৰ পিছতে দুৰ্নীতিৰ আশ্ৰয় লোৱা ঠিকাদাৰ জনে আধাৰশিলাৰ ফলক এখন লগোৱাৰ বাদে কোনো আঁচনি ফলক লগোৱা নাই | আঁচনি ফলক আঁৰি নিদিয়াকৈ ৰাইজক অন্ধকাৰত ৰাখি অতি নিম্নমানৰ সা সামগ্ৰীৰে কাম চলাই অহা বুলিও ৰাইজে অভিযোগ তুলিছে | পথটো নিৰ্মানৰ বাবদ চৰকাৰে কিমান টকা মঞ্জুৰী দিছে, তাকো গোপনে ৰাখিছে নিৰ্মাণকাৰী ঠিকাদাৰ জনে |উল্লেখ্য যে পথটোত কোনো পাথৰ (শিল) পাৰি নিদি মাটিৰ ওপৰতে পকীকৰণ কৰি আহিছে বুলি ৰাইজে অভিযোগ তুলিছে | যাৰ ফলত নিৰ্মাণৰত পথটোৰ পকী বোৰ হাতেৰে খুচৰি দিলে চকলা চকলে উঠি আহিছে | ৰাইজৰ অভিযোগ দিনৰ পোহৰত নহয় নিশাৰ আন্ধাৰত দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জনে এইদৰে পথ নিৰ্মাণৰ কাম চলাই নিছে | বিভাগীয় বিষয়া অভিযন্তাক মেনেজ কৰি দুৰ্নীতি পৰায়ণ ঠিকাদাৰ জনে চৰকাৰী ধনৰ শৰাধ কৰাত উঠি পৰি লাগিছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন ৰাণীগঞ্জ অাঞ্চলিক ছাত্ৰ সন্থাই | বিভাগী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা লৈ ৰাইজৰ প্ৰশ্ন নিৰ্মাণৰ পাঁচ দিন পিছতে পথটোত এইদৰে চকলা চকলে উঠি অহা পকী পথটো কিমান দিনৰ স্থায়ীত্ব বহন কৰিব ? ৰাইজৰ কি বিকাশ সাধন কৰিব ? সেয়ে এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী জনাইছে স্থানীয় ৰাইজে |
Byte
1+2+ - স্থানীয় নাগৰিক
3 - গনেশ চন্দ্ৰ নাথ, সম্পাদক ৰানীগঞ্জ আঞ্চলিক ছাত্ৰ সন্থা,

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলামৰ
ইটিভি ভাৰত আছাম

বি: দ্ৰুত:- ডেক্স পাৰিলে Pkg বনাব ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.