ধুবুৰী,12 ছেপ্তেম্বৰঃ ধুবুৰী জিলাৰ হাতীধূৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত কামানডাঙা গাওঁ পঞ্চায়তৰ বাঘডোকৰা গাঁৱত পঞ্চালয় প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । গাঁৱখনত দীৰ্ঘদিন ধৰি গংগাধৰ নদীৰ গৰাখহনীয়াৰ ফলত শতাধিক পৰিয়াল সৰ্বহাৰা হৈ দিন হাজিৰা কৰি জীয়াই থাকিব লগা হৈছে । তেনে পৰিস্থিতিৰ মাজতে কামানডাঙা পঞ্চায়তত নতুন কৈ বাছনি হ’ব লগা PMAY আঁচনিত দৰিদ্ৰ পৰিয়ালসমূহক বঞ্চিত কৰি তালিকা প্ৰস্তুত কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে প্ৰতিনিধিসকলৰ ওপৰত বঞ্চিত আৰু দৰিদ্ৰ পৰিয়ালসমূহ ৷
![PUBLIC PROTEST PMAY HOUSE AGINEST PANCHYAT AT DHUBURI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-04-13sep-public-protest-for-pmay-house-7203850_13092020160533_1309f_1599993333_765.jpg)
উল্লেখযোগ্য যে, গাঁৱখনৰ পঞ্চায়ত সদস্য হবিবৰ ৰহমানে নিজৰ নামত তথা নিজৰ আত্মীয়ৰ নামত জি’অ টেক কৰি PMAY আচঁনিৰ বাছনি তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ লগতে দৰিদ্ৰ হিতাধিকাৰীসকল এই আচঁনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে ।
![PUBLIC PROTEST PMAY HOUSE AGINEST PANCHYAT AT DHUBURI](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-04-13sep-public-protest-for-pmay-house-7203850_13092020160533_1309f_1599993333_793.jpg)
ৰাইজৰ অভিযোগ মতে PMAY আচঁনিৰ গৃহৰ বাবে হিতাধিকাৰীয়ে অনলাইনত আবেদন কৰিছিল । সেই হিচাপে চৰকাৰে জি’অটেকৰ অনুমতি দিছিল । কিন্তু জি’অটেক কৰোতে পঞ্চায়ত কৰ্মচাৰী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে টকা দিব নোৱাৰা দুখীয়া পৰিয়ালবোৰক জি’অটেকৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উঠিছে ।
আনহাতে টকা দিব পৰা একাংশ ধনী পৰিয়ালৰ জি’অটেক কৰি তেওঁলোকৰ নাম বাছনি তালিকাত অন্তৰ্ভুক্ত কৰিছে । তালিকাখনক লৈ খৰ্গহস্থ হৈ পৰিছে বঞ্চিত পৰিয়ালবোৰে । ৰাইজৰ দাবী উচ্চপৰ্যায়ৰ তদন্ত কৰি তালিকাখন বাতিল কৰাৰ লগতে সাধাৰণ দৰিদ্ৰ পৰিয়ালসমূহৰ নাম আচঁনিত অন্তৰ্ভুক্ত কৰিব লাগে ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সকিয়াই দিয়ে স্থানীয় সচেতন ৰাইজৰ লগতে দৰিদ্ৰ বঞ্চিত পৰিয়ালসমূহে ৷