ETV Bharat / state

শক্তি বিভাগৰ ভেঁকোভাওনা: খুঁটা পুতিও নিদিলে বিদ্যুৎ সংযোগ

author img

By

Published : Sep 6, 2022, 1:49 PM IST

ৰাজ্যৰ শক্তি বিভাগৰ কথা কৈ থাকিলেও যেন ওৰকে নপৰে । এইবাৰ শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে বিলাসীপাৰাৰ এটা অঞ্চলৰ ৰাইজে । চাৰি বছৰ পূৰ্বে খুঁটা পোতাৰ পাছতো আজি পৰ্যন্ত নিদিলে বিদ্যুৎ সংযোগ(No electricity connection in Bilashipara) ।

bilasipara public protest for electricity
শক্তি বিভাগৰ ভেঁকোভাওনাঃ খুঁটা পুতিও নিদিলে বিদ্যুৎ সংযোগ

বিলাসীপাৰা,৬ ছেপ্তেম্বৰ: সততে সংবাদ শিৰোনাম দখল কৰি অহা শক্তি বিভাগৰ কথা কিমান শুনিব । কেতিয়াবা যদি বাঁহৰ খুঁটাৰে বিদ্যুতৰ তাঁৰ, আন কেতিয়াবা আকৌ উন্মুক্ত ট্ৰেন্সফৰ্মাৰ । কেতিয়াবা দেখা যায় হাতেৰে ঢুকি পোৱাতে ওলমি ৰয় বিদ্যুতৰ তাঁৰ । বিদ্যুতৰ লুকাভাকুৰ কথা নকলোৱেই । মুঠতে কেতিয়াও ৰাইজৰ হিত সাধিব নজনা এক বিভাগ হিচাপে যেন পৰিগণিত হৈছে শক্তি বিভাগটো । এইবাৰ বিলাসীপাৰাত আন এক অভিযোগ ।

বিলাসীপাৰাত দেখা গ'ল বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড । চাৰি বছৰ পূৰ্বে বিদ্যুতৰ খুঁটা পুতি আজিও নিদিলে বিদ্যুৎ সংযোগ(No electricity connection in Bilashipara) । চাপৰ বৈদ্যুতিক উপ সংমণ্ডলৰ নাভূত-নাশ্ৰুত কৰ্মকাণ্ডক লৈ ক্ষোভিত হৈ পৰিছে সন্তোষপুৰ গাঁৱৰ ৰাইজ(Protest against Power Minister) ।

গাঁওখনৰ ৰাইজৰ অভিযোগ অনুসৰি চাপৰ বৈদ্যুতিক উপ সংমণ্ডলৰ অন্তৰ্গত সন্তোষপুৰ গাঁৱত বিগত চাৰি বছৰ পূৰ্বে বিদ্যুৎ বিভাগে বিদ্যুতৰ খুঁটা স্থাপন কৰিছিল । বৈদ্যুতিক ট্ৰেন্সফৰমাৰ, তাঁৰ আৰু বৈদ্যুতিক মিটাৰসহ সকলো কাম সম্পন্ন কৰিছিল বিভাগে । কিন্তু নিদিলে কেৱল বিদ্যুতৰ সংযোগ । যাৰ বাবে আজিও অন্ধকাৰত আছে গাঁৱখনৰ প্ৰায় ৭০ টাকৈ পৰিয়াল ।

১০০ টকা লিটাৰ কেৰাচিন তেল কিনিব নোৱাৰা দৰিদ্ৰ দুখীয়া পৰিয়ালসমূহৰ ল'ৰা-ছোৱালীয়ে হৈছে শিক্ষাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । অবশেষত নিৰুপায় হৈ গাঁৱখনৰ ৰাইজে বিদ্যুৎ সংযোগ বিচাৰি সাব্যস্ত কৰিছে প্ৰতিবাদ(Public protest for electricity) । অতি শীঘ্ৰে গাঁৱখনত বিদ্যুৰ সংযোগ দিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাক কাতৰ অনুৰোধ জনাইছে দুৰ্ভোগীয়া ৰাইজে ।

লগতে পঢ়ক: তিনিচুকীয়াত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.