ETV Bharat / state

PUB G ৰ মাধমাৰ !

author img

By

Published : Aug 27, 2020, 8:43 PM IST

PUB G গেমত আসক্ত হৈ মানসিক বিকাৰগ্ৰস্ত হোৱা যুৱক এজনে নিজৰ ঘৰৰ বেৰ, দুৱাৰ, খিৰিকি লণ্ড-ভণ্ড কৰাৰ পাচতেই প্ৰহাৰ কৰিলে পিতৃক ৷

PUBG Side Effect
PUBG Side Effect

বিলাসীপাৰা, 27 আগষ্ট: যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া জনপ্ৰিয় ম’বাইল গেমটো হৈছে PUB G ৷ এই PUB G গেম খেলি খেলি মানসিক বিকাৰগ্ৰস্ত হ’ল বিলাসীপাৰাৰ এজন যুৱক | PUB G গেমত আসক্ত হৈ মানসিক বিকাৰগ্ৰস্ত হোৱা যুৱক জনে প্ৰথমে লণ্ড-ভণ্ড কৰিলে নিজৰ ঘৰৰ বেৰ, দুৱাৰ, খিৰিকি ৷ ইয়াতে শান্ত নাথাকি যুৱকজনে আনকি প্ৰহাৰ কৰি ফালিলে পিতৃৰ মূৰ ৷ এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷ যুৱকজন হৈছে বিলাসীপাৰাৰ হাৰকাটা মুছলিমপাৰা গাঁৱৰ একদিল আলীৰ ১৯ বছৰীয়া পুত্ৰ মইনুল আলী ৷

PUB G ৰ কু-প্ৰভাৱ

উল্লেখ্য যে, বিগত কিছুদনৰ পৰা সামান্য ভাৱে মানসিক বিকাৰগ্ৰস্ত হৈ পৰিছিল যুৱকজন ৷ দিনে নিশাই ম’বাইল ফোনত PUB G গেম খেলি খেলি মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল যুৱকজনে ৷ যোৱা 21 আগষ্টৰ দিনা মানসিকভাৱে অস্থিৰ হৈ পৰা যুৱকজনে প্ৰথমে নিজৰ ঘৰৰ বেৰ, দুৱাৰ, খিৰিকি ভাঙি লণ্ড-ভণ্ড কৰে ৷ তাৰ পিছতে পিতৃ একদিল আলীক লাঠিৰে মূৰত, মুখ মণ্ডলত কোবাই বেয়াকৈ আঘাত কৰে ৷ ফলত এটা চকুৰে নেদেখা হৈ পৰিছে বৃদ্ধ পিতৃ জনে ৷

এনে ঘটনা সংঘটিত কৰি সিদিনাই ঘৰৰ পৰা পলায়ন কৰে যুৱক জনে ৷ এতিয়া বিগত 6 টা দিনে সন্ধানহীন হৈ পৰা যুৱক জনক বিচাৰি পিতৃ-মাতৃৰ হিয়া ভৰা কান্দোন ৷ কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে 9132186706 নম্বৰত অথবা ওচৰৰ আৰক্ষী থনাত খবৰ দিবলৈ কাতৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটিৰ ৷

উল্লেখ্য যে, নৱ প্ৰজন্মক ধ্বংসৰ গৰাহ লৈ ঠেলি দিয়া এই বিধ ম’বাইল গেম PUB G ৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে ? নে এইদৰেই নিতৌ নিতৌ একো একোটা কৈ অঘটন ঘটিয়েই থাকিব ?

লগতে চাওক-ফিফাৰ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব নেকি মেছী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.