পশ্চিম বিলাসীপাৰা, 24 মে': বিলাসীপাৰাৰ লক্ষীগঞ্জ পাইকানডাৰা 2য় খণ্ড গাঁৱত মঙলবাৰে নিশা সংঘটিত হোৱা দম্পতী হত্যাকাণ্ডই উত্তাল কৰিছে বিলাসীপাৰা ৷ কণমানি পুত্ৰ সন্তানৰ সন্মুখতে ডকাইতৰ দলে পিতৃ-মাতৃক হত্যা কৰি নগদ ধনসহ সোণ-ৰূপৰ আ-অলংকাৰ লুটি নিয়াক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে বিলাসীপাৰাত ৷
পেচাত এগৰাকী বিজ্ঞান বিভাগৰ শিক্ষক জাকিৰ হুছেইন আৰু চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চৰ চাকৰিত নিয়োজিত আচমা বেগমৰ হত্যাকাৰীক ফাঁচিৰ দাবীত সোমবাৰে বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ আৰক্ষী চকী ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ ‘অসম আৰক্ষী হায় হায়’ ‘হত্যাকাৰীক ফাঁচি দিয়ক’ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷
উল্লেখ্য যে, বিগত সপ্তাহৰ মঙলবাৰে পাইকানডাৰা ২য় খণ্ড গাঁৱৰ জাকিৰ হুছেইন আৰু আচমা বেগমৰ হত্যাকাণ্ডৰ এসপ্তাহ উকলি যোৱাৰ পাচতো হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰা কাৰ্যত জাঙুৰ খাই উঠিছে অঞ্চলটোৰ শ শ ৰাইজ ৷ হত্যাকাৰীক অতি শীঘ্ৰে কৰায়ত্ত কৰি ফাঁচিৰ দাবীত পথ অৱৰোধ কৰাৰ লগতে আৰক্ষী চকী ঘেৰাও কৰে কেইবাশতাধিক প্ৰতিবাদী পুৰুষ মহিলাই ৷
প্ৰতিবাদস্থলী অধিক উত্তপ্ত হৈ পৰাত বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া উপস্থিত হৈ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰাৰ পাচতহে পৰিস্থিতি নিয়ন্ত্ৰণ লৈ আহে ৷
লগতে পঢ়ক: অৱশেষত আৰক্ষীৰ জালত অযোধ্যা হত্যাকাণ্ডৰ মূল অভিযুক্ত