ETV Bharat / state

ৰঙামাটি গাওঁ পঞ্চায়তৰ চৈবাৰী হিন্দুপাৰা গঞা ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Apr 1, 2021, 7:31 PM IST

পূৱ বিলাসীপাৰাৰ অন্তৰ্গত চাপৰৰ ৰঙামাটি গাওঁ পঞ্চায়তৰ চৈবাৰী হিন্দুপাৰা গাঁৱৰ বিজেপিৰ ৱাৰ্ড সদস্য ৰবিয়াল হকৰ সৈতে চৈবাৰী হিন্দুপাৰা গাঁৱৰ ২০০-২৫০ জন ব্যক্তি মহাজোঁটত যোগদান কৰিছে বুলি সামাজিক মাধ্যমৰ যোগেদি তেওঁ প্ৰচাৰ চলাইছিল ৷ সেয়া সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে গঞা ৰাইজে ৷

protest by the people of choubari village
ৰঙামাটি গাওঁ পঞ্চায়তৰ চৈবাৰী হিন্দুপাৰা গঞা ৰাইজৰ প্ৰতিবাদ

ধুবুৰী, 1 এপ্ৰিল : পূৱ বিলাসীপাৰাৰ অন্তৰ্গত চাপৰৰ ৰঙামাটি গাওঁ পঞ্চায়তৰ চৈবাৰী হিন্দুপাৰা গাঁৱৰ বিজেপিৰ ৱাৰ্ড সদস্য ৰবিয়াল হকে যোগদান কৰে মহাজোঁটত ৷ তেওঁৰ সৈতে চৈবাৰী হিন্দুপাৰা গাঁওৰ ২০০-২৫০ জন ব্যক্তি মহাজোঁটত যোগদান কৰিছে বুলি সামাজিক মাধ্যমৰ যোগেদি তেওঁ প্ৰচাৰ চলাইছিল ৷ ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে চৈবাৰী হিন্দুপাৰা গাঁৱৰ ৰাইেজ ৷

ৰাইজে জানিবলৈ দিয়া মতে, ৰবিয়াল হকে মহাজোঁটত যোগদান কৰিছে তাক লৈ চৈবাৰী হিন্দুপাৰা ৰাইজৰ কবলগীয়া একো নাই ৷ ৰবিয়াল হকৰ এয়া ব্যক্তিগত সিদ্ধান্ত ৷ কিন্তু তেওঁৰ লগত চৈবাৰী হিন্দুপাৰা গাঁৱৰ ২০০ পৰা ২৫০ জন ব্যক্তি মহাজোঁটত যোগদান কৰিছে বুলি যি প্ৰচাৰ চলাইছিল সেয়া সম্পূৰ্ণ মিছা ৷ ৰাইজ এতিয়াও বিজেপি দলৰ লগতে আছে আৰু বিজেপিৰ দিনতে চৈবাৰী হিন্দুপাৰা গাঁৱৰ উন্নয়ন হৈছে বুলি মন্তব্য আগবঢ়ায় গঞা ৰাইজে ৷

লগতে পঢ়ক : কৰিমগঞ্জৰ ভোটাৰৰ উৎসাহপূৰ্ণ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.