ETV Bharat / state

প্ৰাপ্য় বিচাৰি ধুবুৰীত COVID যোদ্ধাৰ প্ৰতিবাদ - কৰ'ণা মহামাৰী

4 মাহ সম্পন্ন হোৱাৰ পাচতো ধুবুৰী জিলাৰ ভিন্ন COVID চিকিৎসালয়ত কৰ্মৰত চাফাইকৰ্মী সকলে নিজৰ প্ৰাপ্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ নিজৰ প্ৰাপ্যৰ দাবীৰে দেওবাৰে ধুবুৰী জিলাৰ কিসমত হাসদহ আদৰ্শ চিকিৎসালয়ৰ চাফাইকৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰিলে ৷

ধুবুৰীত COVID যোদ্ধাৰ প্ৰতিবাদ
ধুবুৰীত COVID যোদ্ধাৰ প্ৰতিবাদ
author img

By

Published : Aug 16, 2020, 3:27 PM IST

ধুবুৰী, 16 আগষ্ট: দেওবাৰে ধুবুৰী জিলাৰ কিছমত হাছদহ আদৰ্শ চিকিৎসালয় তথা COVID চিকিৎসালয়ত কৰ্মৰত চাফাইকৰ্মী সকলে কৰ্ম বিৰতিৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ধুবুৰী জিলাত বৰ্তমানলৈ প্ৰায় সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ জিলাখনত কৰ'ণা আক্ৰান্ত ৰোগী সকলক চিকিৎসা প্ৰদানৰ বাবে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা কেইবাখনো অস্থায়ী COVID চিকিৎসালয় স্থাপন কৰা হৈছে ৷ প্ৰতিখন চিকিৎসালয়তে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তথা চাফাই কৰ্মীক নিযুক্তি প্ৰদান কৰা হৈছিল 4 মাহৰ বাবে ৷ তাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাৰ ভিন্ন চিকিৎসালয়ত প্ৰায় 70 গৰাকী কৰ্মীক নিযুক্তি দিয়া হৈছিল ৷ কিন্তু 4 মাহ সম্পন্ন হোৱাৰ পাচতো চাফাই কৰ্মী সকলে নাপালে দৰমহা ৷ এই অভিযোগ উত্থাপন কৰিছে জিলাখনত নিয়োজিত চাফাইকৰ্মী সকলে ৷

নিজৰ প্ৰাপ্য়ৰ দাবীৰে ধুবুৰীত COVID যোদ্ধাৰ প্ৰতিবাদ

নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি 8 ঘণ্টা ধৰি COVID চিকিৎসালয়ত কৰ'ণা যোদ্ধা হিচাপে সেৱা আগবঢ়াইয়ো তেওঁলোকে নিজৰ প্ৰাপ্য নোপোৱাৰ অভিযোগ উত্থাপন কৰে ৷ এই বিষয়ক লৈ বাৰুকৈয়ে ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰী চাফাইকৰ্মী সকল ৷ কিয়নো একমাত্ৰ COVID চিকিৎসালয়ত কাম কৰাৰ বাবেই হেনো তেওঁলোক প্ৰায় এঘৰীয়াৰ দৰে হৈ পৰিছে নিজৰ গাঁওবাসীৰ মাজতে ৷ তেনেস্থলত চৰকাৰে তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত ৰখাত ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰী সকল ৷ এই ক্ষেত্ৰত বৰ্তমানলৈ তেওঁলোকে জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ বৰমুৰীয়া সকলৰ কাষ চাপিও কোনো সহাৰি পোৱা নাই বুলি উল্লেখ কৰে ৷

ধুবুৰীত COVID যোদ্ধাৰ প্ৰতিবাদ
ধুবুৰীত COVID যোদ্ধাৰ প্ৰতিবাদ

লগতে পঢ়ক: মটঙা নৈৰ দলঙত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.