ধুবুৰী,17 মাৰ্চ : ধুবুৰীত পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি ৷ নিৰ্মাণৰ পাচতেই চপৰা চপৰে খহিছে পকী পথৰ অংশ ৷ এনে বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে ধুবুৰীৰ ৰাজপথলৈ ওলাই আহিল শতাধিক উত্তেজিত জনতা ৷
সততে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কৈ অহা ৰাজ্যৰ সোণোৱাল চৰকাৰৰ দিনতে অব্যাহত আছে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত চৰম দুৰ্নীতি । পথ নিৰ্মাণৰ নামত গেৰুৱা দলৰ বিধায়ক ভাতৃৰ কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ ৷ হাতে হাতে দুৰ্নীতিৰ নমুনা লৈ গোলোকগঞ্জৰ ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷
গোলকগঞ্জৰ হালাকুৰাৰ পৰা চুবুৰীয়া ৰাজ্য সংযোগী খেৰবাৰীৰ পকী পথচোৱাৰ অংশ খহিছে চপৰা-চপৰে৷ উল্লেখ্য যে,পথচোৱা নিৰ্মাণ কৰি আছে বিলাসীপাৰা পূব সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ শিংহিৰ ঘৰুৱা কোম্পানী তথা ভাতৃৰ কোম্পানী গৌতম কনচট্ৰাকশ্বনে৷ বিধায়ক ভাতৃৰ কোম্পানীৰ কামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি৷ কেৱল এয়াই নহয়, আঁচনি ৰূপায়ণৰ কাম চলি আছে যদিও নাই কোনো ফলক৷
ইপিনে প্ৰতিবাদকাৰীৰ কণ্ঠ ৰোধ কৰাৰ প্ৰয়াস গৌতম কনচট্ৰাকশ্বন কোম্পানীৰ । পথ নিৰ্মাণত বিধায়ক ভাতৃৰ কোম্পানীৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা বাবেই সাতজন প্ৰতিবাদকাৰী ৰাইজৰ বিৰুদ্ধে থানাত গোচৰ দিলে শাসক দলৰ বিধায়ক ভাতৃৰ গৌতম কনচট্ৰাকশ্বন কোম্পানীয়ে ৷ ফলত দেওবাৰে এনেদৰে ওলাই আহিল শতাধিক প্ৰতিবাদকাৰী ।
এতিয়া প্ৰশ্ন হয়, বিধায়ক ভাতৃৰ কোম্পানীৰ বিৰুদ্ধে সোণোৱাল চৰকাৰৰ তদন্ত কৰিবলৈ সাহস হ'বনে ? নে সাধাৰণ ৰাইজক আভুৱা ভৰাই নিজ দলৰ বিধায়ক ভাতৃক দুৰ্নীতি কৰিবলৈ পাৰি দিব বৰপীৰা ।