ETV Bharat / state

ধুবুৰী জিলা কাৰাগাৰৰ পৰা পলায়ন কাৰাবন্দীৰ - ধুবুৰী কাৰাগাৰৰ পৰা পলায়ন কাৰাবন্দীৰ

ধুবুৰী কাৰাগাৰ কৰ্তৃপক্ষৰ নিৰাপত্তাৰ বেহু ফালি কাৰাগাৰৰ পৰাই পলাই পত্ৰং দিলে এজন কাৰাবন্দীয়ে ।

Prisoner escaping from Dhubri Jail
ধুবুৰী কাৰাগাৰৰ পৰা পলায়ন কাৰাবন্দীৰ
author img

By

Published : Sep 9, 2020, 3:16 PM IST

ধুবুৰী, 9 ছেপ্তেম্বৰ: ধুবুৰী জিলা কাৰাগৰৰ পৰা হঠাৎ এজন কাৰাবন্দী নিৰুদ্দেশ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাত ৰুজু হোৱা 787/20 নম্বৰৰ এক চুৰি গোচৰৰ অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছিল মনিৰ হুছেইন নামৰ এজন 18 বছৰীয়া যুৱক । গোলকগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত যোৱা 3 ছেপ্তেম্বৰৰ দিনা ধুবুৰী আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল অভিযুক্ত যুৱকজনক ।

ধুবুৰী জিলা কাৰাগাৰ
ধুবুৰী জিলা কাৰাগাৰ

ইপিনে কৰ’ণাতংক আৰু বানৰ বাবে ধুবুৰী জিলা কাৰাগাৰলৈ অহা নতুন কাৰাবন্দী সকলক ওচৰৰ ধুবুৰী ছোৱালী মহাবিদ্যালয়ত স্থানান্তৰ কৰা হৈছিল । সেইমতে মনিৰ হুছেইনক ৰখা হৈছিল ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ কাৰাগাৰত । কিন্তু বুধবাৰে পুৱাৰ ভাগত যুৱকজন কাৰাগাৰ ভিতৰৰ পৰাই নোহোৱাৰ পিছতেই হুৱা-দুৱাৰ সৃষ্টি হয় ।

অস্থায়ী ধুবুৰী ছোৱালী মহাবিদ্যালয় কাৰাগাৰ

অৱশেষত কাৰাগাৰ পৰা আচামীজন পলাই যোৱা বুলি নিশ্চিত হয় কাৰাগাৰ কৰ্তৃপক্ষ। অৱশ্যে এই বিষয়ে ধুবুৰী আৰক্ষী আৰু কাৰাগাৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত মুখ খোলাৰ পৰা বিৰত আছে । লক্ষ্যণীয় বিষয় যে কাৰাগাৰৰ ভিতৰে বাহিৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ সময়তে আৰক্ষীৰ নিৰাপত্তাৰ বেহু ফালি কিদৰে পলাই যাবলৈ সক্ষম হ’ল । সেয়া এই মূহুৰ্তত ডাঙৰ প্ৰশ্ন । এই ঘটনাই কাৰাগাৰ কৰ্তৃপক্ষৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে ।

লগতে চাওক-বাংগালুৰু বিমান বন্দৰত জব্দ 1 কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.