ETV Bharat / state

ধুবুৰীত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সংবাদমেল - press meet in dhubri

প্ৰব্ৰজনকাৰী সকলক বাদ দি অসমত থকা সকলো লোককে খিলঞ্জীয়াৰ সংজ্ঞাৰ ভিতৰত ৰাখিব লাগে বুলি শুকুৰবাৰে অনুষ্ঠিত এখন সংবাদমেলত উল্লেখ কৰে,সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ কৰ্মকৰ্তাসকলে ৷

সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সংবাদমেল

author img

By

Published : Aug 14, 2020, 7:26 PM IST

ধুবুৰী, 14 আগষ্ট: অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে সুদীৰ্ঘ বছৰে দাবী উত্থাপন কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে,বিভিন্ন জাতীয় সংগঠনসমূহে ৷ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে গঠন হোৱা উচ্চ পৰ্যায়ৰ সমিতি খনে ইতিমধ্যে এই ক্ষেত্ৰত প্ৰতিবেদন দাখিল কৰিছে যদিও চৰকাৰীভাৱে ৰাজহুৱা হোৱা নাই সেই প্ৰতিবেদন ৷ কিন্তু সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবেদনৰ সকলো তথ্য ৰাজহুৱা কৰাৰ পাচতেই চৰকাৰী পক্ষৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ সন্থাক উভতি ধৰাৰ লগতে,অসম বিধান সভাই ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰাৰ পাচতেই,ছাত্ৰ সন্থা আৰু মন্ত্ৰীগৰাকীৰ মাজত সৃষ্টি হৈছে বাকযুদ্ধৰ ৷

ধুবুৰীত সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ সংবাদমেল

এনে সময়তে শুকুৰবাৰে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদ অসমৰ তৰফৰ পৰা সভাপতি এ.এম এনামুল হকে ধুবুৰী জিলা বার্তাজীৱী সংঘৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে ৷ অসমত প্ৰব্ৰজনকাৰী হিন্দু, মুছলমানক বাদ দি খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব লাগে বুলি তেওঁলোকে উল্লেখ কৰে সংবাদমেলযোগে ৷ স্বাধীনতা আন্দোলনৰ কিছু পূৰ্বে পূৰ্বৰ কমতাপুৰ আৰু অসমত অসমৰ ভূমিপুত্ৰ সকলে বাস কৰিছিল ৷ সেই সময়ৰ পৰাই ক্ৰমান্বয়ে বৃদ্ধি পাইছিল প্ৰব্ৰজন ৷ সেই বাবেই 1951 চনৰ তেওঁলোকে খিলঞ্জীয়া নিৰূপনৰ চন হিচাপে কেতিয়াও মানি নলয় বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷ লগতে ধৰ্ম-জাতি নিৰ্বিশেষে প্ৰব্ৰজনকাৰী সকলক বাদ দি অসমত থকা সকলো লোককে খিলঞ্জীয়াৰ সংজ্ঞাৰ ভিতৰত ৰাখিব লাগে বুলি সংগঠনটোৱে উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷

লগতে পঢ়ক: নলবাৰীত বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.