ধুবুৰী, ১০ ছেপ্টেম্বৰ: সেউজ ভৱিষ্যতৰ প্ৰতি লক্ষ্য কৰি অহা ১৭ ছেপ্টেম্বৰৰ দিনা এক কোটি গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচীৰে এক ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । প্ৰতিখন জিলাত এই বিশেষ দিনটোৰ বাবে ব্যপক ব্যস্ততা আৰম্ভ হৈছে বন বিভাগ আৰু জিলা প্ৰশাসনৰ । ৰাজ্য়ৰ আন জিলাৰ সমান্তৰালভাৱে ধুবুৰী জিলা প্ৰশাসন আৰু জিলা বন বিভাগেও পূৰ্ণ প্ৰস্তুতি চলাইছে । ধুবুৰী জিলাৰ প্ৰতিখন চহৰ, গ্ৰামাঞ্চল অথবা চৰাঞ্চলক সামৰি মুঠ ৩ লাখ গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে ।
এই উদ্দেশ্য়ে পুলি বিতৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা বুলি সদৰী কৰিছে জিলা বন সংমণ্ডল বিষয়া বিনোদ কুমাৰ পায়েঙে । দেওবাৰে ধুবুৰী বন সংমণ্ডল বিষয়াৰ আৱাসিক বাংলোৰ পৰা ৩ লাখ বাণিজ্যিক গছপুলি ৩০ খনকৈ ট্ৰাকত জিলাখনৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হয় । ৩ লাখ গছৰ পুলিৰ ভিতৰত আছে বগা চন্দন, মেহুগণি আৰু অগৰু । অহা ১৭ ছেপ্টেম্বৰত ৰোপণ কৰিব লগীয়া মূল্যবান বাণিজ্যিক গছপুলিসমূহ নিজৰ সন্তানৰ দৰেই লালন-পালন কৰিবলৈ জিলাবাসীক আহ্বান জনাইছে জিলা প্ৰশাসন আৰু জিলা বন বিভাগে ।
আজি জিলা অতিৰিক্ত আয়ুক্ত সান্তনা বৰাই পুলি বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে । উল্লেখ্য যে, ধুবুৰী, গোলকগঞ্জ, আগমণি, গৌৰীপুৰ, বিলাসীপাৰা, চাপৰ আদিকে ধৰি প্ৰতিটো অঞ্চলৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই পুলিসমূহ বিতৰণ কৰা হ’ব । লগতে আন আন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু সাধাৰণ ৰাইজৰ মাজত বিতৰণ কৰা হ'ব এই পুলি । আনহাতে, এই ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন আৰু বন বিভাগে বিভিন্ন বিভাগৰ বিষয়া, স্বেচ্ছাসেৱী সংগঠন আৰু দল -সংগঠনৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে ।
এইবাৰ গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা চলাইছে ৰাজ্য় চৰকাৰৰ ৷ অহা ১৭ ছেপ্টেম্বৰত ৰাজ্যত এক কোটি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে অসম চৰকাৰে ৷ উল্লেখ্য় যে গছপুলিৰ জৰিয়তে ৯ টা বিশ্ব অভিলেখ গঢ়াৰ চেষ্টা কৰিব অসম চৰকাৰে ৷ এই অমৃত বৃক্ষ আন্দোলনৰ অভিযানত অসমৰ মহিলা আত্মসহায়ক গোটৰ সদস্য, আশা কৰ্মী , অংগনবাড়ী কৰ্মী, চাহ বাগিচাৰ কৰ্মচাৰী, শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থাৰ সদস্যৰ লগতে ব্যক্তিগত লোকে অংশগ্ৰহণ পৰ্টেলযোগে পঞ্জীয়ন কৰি অংশগ্ৰহণ কৰিছে ।