ধুবুৰী, 17 আগষ্ট : 1946 চনৰ 16 আগষ্টৰ দিনটোতে স্থাপন হৈছিল ঐতিহ্যমণ্ডিত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় ৷ সেই অনুসৰি, দেশে স্বাধীনতা লাভ কৰাৰ 75 বছৰ পূৰ্ণ হোৱাৰ লেখীয়াকৈ মহাবিদ্যালয়খনেও সম্পূৰ্ণ কৰিলে 75 টা বছৰ ৷ নামনি অসমৰ লেখত ল’বলগীয়া শিক্ষানুষ্ঠান হিচাপে পৰিচিত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ বাকৰি সেই উপলক্ষে হৈ পৰিছে উদুলি-মুদুলি ৷
![Platinum jubilee of bholanath college](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12794769_img1.jpg)
ইয়াৰ লগতে মহাৰজত জয়ন্তী উপলক্ষে মহাবিদ্যালয়খনৰ বাকৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰে ভৰি পৰে ৷ প্ৰাক স্বাধীনতা অৰ্থাৎ 1946 চনৰ 16 আগষ্টৰ দিনটোত একাংশ বিশিষ্ট শিক্ষাবিদৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰিছিল সেই সময়ৰ নামনি অসমৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ধুবুৰী বি এন মহাবিদ্যালয় ৷ মহাবিদ্যালয়ৰ বাবে ভূমি আৰু নগদ ধন দান কৰা জমিদাৰ জোছনা নাথ চৌধুৰীৰ পিতৃ ভোলানাথ চৌধুৰীৰ নামত নামাকৰণ কৰা হৈছিল মহাবিদ্যালয়খন ৷
সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ মাজতে সোমবাৰে মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ নৱ নিৰ্মিত তোৰণখন উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ তাৰ পিছতে ভোলানাথ চৌধুৰীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰি মুকলি সভাত অংশ লয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ আশ্বাস প্ৰদান কৰে ৷
লগতে চাওক: APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ
মুকলি সভাত কেইবাজনো মেধাৱী শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ তাৰ লগতে ভোলানাথ মহাবিদ্যালয় সংগীতৰ লগতে ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয় নামৰ এখনি গ্ৰন্থ উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থকা প্ৰাক্তন ছাত্ৰ তথা দক্ষিণ শালমাৰা-মানকাচৰ সমষ্টিৰ বিধায়ক ক্ৰমে ৱাজেদ আলী চৌধুৰী আৰু আমিনুল ইছলামে ভাষণ প্ৰসংগত নিজা নিজা ছাত্ৰ জীৱনৰ কথা উনুকিয়াই মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়ৰূপে উন্নীতকৰণ কৰিবলৈ মন্ত্ৰীগৰাকীক দাবী জনায় ৷
![Platinum jubilee of bholanath college](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12794769_img.jpg)
এই দাবীৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ আশ্বাস প্ৰদান কৰে ৷ তদুপৰি বিষয়টো সন্দৰ্ভত জিলা উপায়ুক্ত আৰু বিধায়কসকলক কিছু পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিধানসভা আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হোৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী দাসে ৷ উল্লেখ্য যে, এই অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ তথা গোলকগঞ্জ আৰু বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক ক্ৰমে অশ্বিনী ৰায় সৰকাৰ আৰু অশোক কুমাৰ সিংঘী, মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ বিধায়ক ক্ৰমে ৱাজেদ আলী চৌধুৰী, আমিনুল ইছলামৰ লগতে ভোলানাথ চৌধুৰীৰ পৰিয়ালৰ সদস্য আৰু বহু প্ৰাক্তন শিক্ষাৰ্থী উপস্থিত থাকে ৷
লগতে চাওক: আজিৰ দিনটোৰ ৰাশিফল