ETV Bharat / state

দুৰ্নীতিত সাঙোৰ খাইছে বিধায়ক ভাতৃৰ নাম - দলং নিৰ্মাণত দূৰ্নীতি

এজাক বৰষুণে উটুৱাই নিলে নতুনকৈ নিৰ্মাণ কৰা দলঙৰ খুঁটা ৷ ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷

poor condition of newly constructed bridge in dhubri
দুৰ্নীতিত সাঙোৰ খাইছে বিধায়ক ভাতৃৰ নাম
author img

By

Published : Jun 3, 2020, 7:00 PM IST

ধুবুৰী, 3 জুনঃ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলাৰ কথা কোৱা বিজেপি চৰকাৰৰ শাসনত চলিছে বিভিন্ন আঁচনি ৰূপায়ণত ভয়াৱহ দুৰ্নীতি ৷ পোহৰলৈ আহিছে এটাৰ পাছত আন এটা দুৰ্নীতিৰ ঘটনা ৷ এইবাৰ ধুবুৰীৰ বন্দিহানাত পকী দলং নিৰ্মাণত ব্যপক দুৰ্নীতিৰ অভিযোগ ৷ নিৰ্মানৰ পাছতেই খহি পৰিল পকী দলঙৰ পষ্ট ৷ দুৰ্নীতিৰ অভিযোগ ধুবুৰী জিলাৰ বন্দিহানা অঞ্চলৰ ৰাইজৰ ৷ দৰাচলতে ধুবুৰী জিলাৰ গড়কাপ্তানী বিভাগৰ গ্ৰামীণ পথ নিৰ্মাণ বিভাগৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষত বন্দিহানাত পকী দলং নিৰ্মাণৰ বাবে বিভাগে আবণ্টন দিছিল ১ কোটি,৫৫ লাখ,৭৭ হেজাৰ, ৭৯০ টকা । কিন্তু ঠিকাদাৰ গিয়াচ উদ্দিনে অতি নিম্নমানৰ কাম কৰি সামৰিলে নিজ দায়িত্ব ৷ আৰু তাৰ পাছতেই এজাক বৰষুণতে উটি গ’ল দলংখনৰ দুয়োফালৰ পষ্ট ৷ আচনি বৰ্হিঃভূতভাৱে কাম কৰি ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাই দায়িত্ব সামৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

এজাত বৰষুণে উটুৱালে নৱ-নিৰ্মিত দলং

বন্দিহানা-মাজেৰ চৰ সংযোগী চড়ক যোজনা পথৰ গুড়গুড়ীপাৰা এলেকাত নিৰ্মাণ কৰা পকী দলঙখনৰ ছবি দেখিলে চকু কপাঁলত উঠিব সকলোৰে ৷ উল্লেখযোগ্য যে,গীয়াছ উদ্দিন নামৰ ঠিকাদাৰ জনে কামৰ ঠিকা লাভ কৰিছিল যদিও কামটোত উপ-ঠিকাদাৰ হিচাপে জড়িত আছিল দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ জ্যেষ্ঠ ভাতৃ নৌসাদ আলী চৌধুৰী ৷ দলঙৰ দুৰ্নীতিৰ ক্ষেত্ৰত এতিয়া নাম সাঙোৰ খাই পৰিছে বিধায়ক ভাতৃৰো ৷ নিৰ্মাণৰ পাছত মাত্ৰ এজাক বৰষুণে উটুৱাই নিয়া এই দলঙ নিৰ্মাণৰ তদন্ত চৰকাৰে কৰিব নে নাই সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃচাৰি বজাৰ শীৰ্ষ বাতৰিসমূহ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.