ETV Bharat / state

ধুবুৰীত মুখ্য বন সংৰক্ষক এ এম সিঙৰ চাডেন ভিজিট - PCCF

মঙলবাৰে ধুবুৰীত চাডেন ভিজিট দিয়ে ৰাজ্যৰ বন সংৰক্ষক এ এম সিং আৰু নামনি অসমৰ দায়িত্বত থকা বন সংৰক্ষক ডo চলেমান উদ্দিন চৌধুৰী ৷ ধুবুৰীৰ বন বিভাগত চলি ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায় আৰু বন পালক হৰিশ নাথক ৷

ডo চলেমান উদ্দিন চৌধুৰী
author img

By

Published : Oct 15, 2019, 10:43 PM IST

Updated : Oct 16, 2019, 10:05 AM IST

ধুবুৰী,15 অক্টোবৰ : ধুবুৰীত চলি থকা বন বিভাগৰ চিণ্ডিকেটৰ বিৰুদ্ধে ই টিভি ভাৰতকে একাংশ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে চলি থকা সম্প্ৰচাৰৰ পাচতেই তৎপৰ বনবিভাগ ৷ মঙলবাৰে ধুবুৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্য বন সংৰক্ষক এ এম সিং আৰু নামনি অসমৰ দায়িত্বত থকা বন সংৰক্ষক ডo চলেমান উদ্দিন চৌধুৰী ৷ ধুবুৰীত উপস্থিত হৈ কেইবাটাও শিল -বালিৰ মহল পৰিদৰ্শন কৰাৰ লগতে ধুবুৰী বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত বন বিভাগৰ প্ৰতিজন কৰ্মচাৰীৰ সৈতে এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় বন সংৰক্ষক এ এম সিং আৰু ডo চলেমান উদ্দিন চৌধুৰী ৷ বৈঠকৰ অন্তত চিণ্ডিকেটৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয় বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায় আৰু বন পালক হৰিশ নাথক ৷ ইপিনে,টিপকাই নৈত এখন নতুনকৈ শিল বালিৰ মহল বহুৱাৰ পৰিকল্পনাৰ কথাও সদৰি কৰে এ এম সিঙে ৷

ধুবুৰীত মুখ্য বন সংৰক্ষক এ এম সিঙৰ চাডেন ভিজিট

উল্লেখ্য যে, ৰাজ্যত চিণ্ডিকেটৰ বিৰুদ্ধে বিভিন্ন সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ ভাৱে সকিয়নী প্ৰদান কৰা দেখা যায় ৷ যদিও একেটা সময়তে ধুবুৰীৰ বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায়ৰ নেতৃত্বত বন ধ্বংসৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এনে পৰিপ্ৰেক্ষিতত বিশ্বজিৎ ৰায়ৰ তদন্ত কিমান নিকা হ'ব সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত ৷ নে তদন্তৰ নামত চলিব কেৱল ভেঁকো-ভাওনা ৷ পৰৱৰ্তী সময়ছোৱাত সেয়াও হ'ব লক্ষণীয় ৷

Intro: ধুবুৰীত বন বিভাগৰ বিশাল ছিণ্ডিকেট। সংবাদ মাধ্যমত ধাৰাবাহিক ভাবে ছিণ্ডিকেটৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই আজি ধুবুৰীত ছাডেন ভিজিট ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষণক এ এম সিং। ছিণ্ডিকেটৰ খলনায়কক অৰ্পণ কৰা হল ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব।

Body:

ৰাজ্যত ছিণ্ডিকেটৰ বিৰুদ্ধে বিভিন্ন সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কঠোৰ ভাবে সকীয়ানি প্ৰদান কৰা দেখা যায়। যদিওঁ তেনে সময়তে ধুবুৰীত বন বিভাগত ধুবুৰী বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায়ৰ নেতৃত্বত বন ধ্বংসৰ বৃহৎ ছিণ্ডিকেট গঢ়ি উঠাৰ অভিযোগ উঠিছে। বিভিন্ন শিল বালিৰ মহলৰ উপৰি ধুবুৰী বন সংমণ্ডলৰ অধীনৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা অবৈধ কাঠফলা মিলৰ পৰা মাহেকীয়া ভাবে লাখ লাখ টকা সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এনে অভিযোগৰ ভিত্তিত ইটিভি ভাৰতকে ধৰি বিভিন্ন সংবাদ মাধ্যমত ধুবুৰী বন বিভাগৰ বিশাল ছিণ্ডিকেটৰ ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পিছত আজি হঠাৎ ধুবুৰীত উপস্থিত হল ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষণক এ এম সিং আৰু নামনি অসমৰ দায়িত্বত থকা বন সংৰক্ষক ডo চলেমান উদ্দিন চৌধুৰী। বন বিভাগৰ দুগৰাকী উচ্চ পৰ্য্যায়ৰ বিষয়াই আজি ধুবুৰীৰ কেইবাটাও শিল বালিৰ মহল পৰিদৰ্শন কৰাৰ বিপৰীতে টিপকাই নৈত আৰু এখন নতুনকৈ শিল বালিৰ মহল বহুৱাৰ পৰিকল্পনা কৰে। তাৰ পিছতেই ধুবুৰী বন সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়ত উপস্থিত হৈ জিলা খনৰ প্ৰতিজন বিষয়া কৰ্মচাৰীৰ সৈতে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষণক এ এম সিং আৰু নামনি অসমৰ দায়িত্বত থকা বন সংৰক্ষক ডo চলেমান উদ্দিন চৌধুৰীয়ে।

উল্লেখযোগ্য যে, ছিণ্ডিকেটৰ ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পিছতেই ৰাজ্যৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষণক এ এম সিঙে সংবাদ মাধ্যমত মুখ খোলা নাই যদিওঁ এয়া ৰুটিন ভিজিট কৰা বুলি উল্লেখ কৰাৰ বিপৰীতে ছিণ্ডিকেটৰ বাতৰিৰ ভিত্তিত আলোচনা কৰা হৈছে আৰু জিলা বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায় আৰু বন পালক হৰিশ নাথক এই ক্ষেত্ৰত তদন্ত কৰাৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰা বুলি উল্লেখ কৰে নামনি অসমৰ দায়িত্বত থকা বন সংৰক্ষক ডo চলেমান উদ্দিন চৌধুৰীয়ে।

Byte:- ডo চলেমান উদ্দিন চৌধুৰী, বন সংৰক্ষক, নামনি অসম সংমণ্ডল।

ইপিনে লক্ষণীয় বিষয় যে, যি গৰাকী বন সংমণ্ডল বিষয়া বিশ্বজিৎ ৰায়ৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি প্ৰকাশ পাইছে সেই গৰাকী বিষয়াকেই দিয়া হল ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব। প্ৰকৃততে এয়া তদন্তৰ নামত ভেকভাওঁনা নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

Conclusion:উল্লেখযোগ্য যে, ছিণ্ডিকেটৰ মূল নায়কক ছিণ্ডিকেটৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰাটোৱে ৰাজ্যৰ বন বিভাগৰ প্ৰকৃত স্বৰূপটোকেই উদঙাই দিছে। সেয়ে বন বিভাগৰ বন ধ্বংসৰ বিশাল ছিণ্ডিকেট বন্ধ নোহোৱাটো একপ্ৰকাৰ নিশ্চিত যেন অনুমান হৈছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Oct 16, 2019, 10:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.