পশ্চিম বিলাসীপাৰা, 22 নৱেম্বৰ : স্বাস্থ্যসেৱা (Health department of Assam) আৰু যাতায়ত (Transport department of Assam) ৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হোৱা বুলি ৰাজ্য চৰকাৰে ঢাক-ঢোল বজালেও আজিও প্ৰান্তে প্ৰান্তে নৰক যন্ত্ৰণা ভুগি আহিছে ৰাজ্যবাসীয়ে ৷ দেওবাৰে নিশা তেনে এক দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হ'ল পশ্চিম বিলাসীপাৰাবাসী (Pachim Bilasipara) ৷ সাঙিত উঠায়েই চিকিৎসালয়লৈ নিবলগীয়া হ'ল জটিল ৰোগত আক্ৰান্ত এগৰাকী বৃদ্ধাক ৷
পশ্চিম বিলাসীপাৰাত প্ৰতিফলিত হৈছে ৰাজ্যৰ যাতায়ত ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ ৷ ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবেও নাই সু-ব্যৱস্থা ৷ এম্বুলেঞ্চ সেৱাৰ বাবে অনুপযোগী পথৰ বাবেই ৰোগী গৰাকীক সাঙিত উঠাই বগৰীবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিবলগীয়া হোৱা ঘটনাই উদঙাই দিছে উন্নয়ণৰ প্ৰকৃত ছবিখন ৷
যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি অৱহেলিত হৈ অহা পশ্চিম বিলাসীপাৰাৰ আণ্ডামাৰী, সাধুবাশা, গুটিপাৰা আদি অঞ্চলৰ প্ৰায় ৩০ খন গাঁৱৰ জনসাধাৰণে যাতায়তৰ বাবে জীয়াতু ভোগ কৰি আহিবলগীয়া হৈছে ৷ যাতায়ত ব্যৱস্থাৰ কদৰ্যময় ৰূপৰ বাবে উক্ত অঞ্চলসমূহৰ ৰোগীসকলক চিকিৎসালয়লৈ নিয়াৰ সময়ত নানান হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈ আহিছে ৷ উল্লেখ্য যে, বিগত দিনবোৰত এই অঞ্চলসমূহৰ ৰোগীক চিকিৎসালয় লৈ নিয়াৰ সময়ত বহু ৰোগীৰ মৃত্যুও হৈছে ৷
একবিংশ শতিকাৰ আধুনিক যোগাযোগ ব্যৱস্থাৰ সময়ত নিশা জটিল ৰোগত আক্ৰান্ত বৃদ্ধা ৰোগীগৰাকীক সাঙিত তুলি টিপকাই নৈৰ বাঁহৰ দলঙৰ ওপৰেৰে চিকিৎসালয়লৈ লৈ যোৱা দৃশ্যই সভ্য সমাজক এক প্ৰকাৰৰ লজ্জিত কৰিছে ৷ আজিও এনে বহু ঠাইত অঞ্চলসমূহত ঢুকি পোৱা নাই অসমৰ মুখ্যমন্ত্ৰী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarmah)ৰ চৰকাৰৰ স্বাস্থ্য বিভাগৰ কোনো উন্নয়ন মূলক আঁচনিয়ে ৷ স্বাধীনোত্তৰ কালৰে পৰা কোনো এখন চৰকাৰৰ সুদৃষ্টি নপৰা এই অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ বাবে উন্নত স্বাস্থ্য সেৱা ব্যৱস্থাৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : চৰকাৰৰ অৱহেলা: যাতায়তৰ বাবে বাঁহৰ সাঁকো নিৰ্মাণ কৰিলে মাদৈকাটাৰ ৰাইজে