ETV Bharat / state

ৰে’ল বিভাগৰ কাণ্ডহীনতা, যমৰ যাতনাত পূৱ বিলাসীপাৰাৰ ৰাইজ - এজাক বৰষুণত একাঠু পানী

পূৱ বিলাসীপাৰাৰ চাপৰত ক্ষুব্ধ জনতা । এজাক বৰষুণত একাঠু পানী চাপৰৰ এটা পথত । ভুক্তভোগী তিনিখন চাহ বাগিছাৰ শ্ৰমিক-বিষয়াকে ধৰি 10 খনকৈ গাঁৱৰ ৰাইজ । ৰে’ল বিভাগৰ কাণ্ড জ্ঞানহীনতাত যমৰ যাতনা ৰাইজৰ । ক্ষুব্ধ ৰাইজৰ ৰোষত ৰে’ল বিভাগৰ অভিযন্তা ।

Pathetic Road Condition at Pub Bilashipara

author img

By

Published : Sep 7, 2020, 5:40 PM IST

পূৱ বিলাসীপাৰা, 07 ছেপ্তেম্বৰ: একালৰ বৃন্দাবন একালত পৰে চন । পূৱ বিলাসীপাৰাৰ চাপৰতেই বসবাস কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিংহপুৰুষ জননেতা শৰৎ চন্দ্ৰ সিংহ । তাৰ স্মৃতি হিচাপে আজিও ভকত গাঁৱৰ সৌষ্টৱ বৰ্ধন কৰি আছে কোপত নীড় নামৰ জননেতাৰ ঘৰটো । জননেতাগৰাকীৰ স্মৃতি হিচাপে এই স্থানত নিৰ্মাণ কৰা হৈছে শৰৎ চন্দ্ৰ সিংহ সাংস্কৃতিক প্ৰকল্প । কিন্তু চাপৰ নগৰৰ পাখিৰীতলৰ পৰা চাপৰ চাহ বাগিছালৈ যাতায়তৰ একমাত্ৰ গড়কাপ্তানী পথটোৰ এতিয়া চৰম দুৰৱস্থা ।

নিউ ময়নাগুৰীৰ পৰা যোগীঘোপালৈ নিৰ্মীয়মান ৰে’লপথৰ এখন দলঙৰ বাবে যমৰ যাতনা ভুগি আছে দহখনকৈ গাঁৱৰ ৰাইজ । কাৰণ এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় গুৰুত্বপূৰ্ণ এই পথটোত । অভাৰ ব্ৰীজখনৰ তলেৰে দৈনিক যাতায়ত কৰে তিনিখনকৈ চাহ বাগিছাৰ লোক, চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্রী ।

পূৱ বিলাসীপাৰাৰ চাপৰত ক্ষুব্ধ জনতা

কিন্তু দীৰ্ঘদিন ধৰি যমৰ-যাতনা সন্মুখীন হৈ অৱশেষত উপায়ন্তৰ হৈ ৰাইজে প্ৰতিকুল বতৰকো নেওচি ওলাই আহিল ৰে’ল বিভাগৰ বিৰুদ্ধে । আৱদ্ধ কৰিলে বিভাগীয় অভিযন্তাক । ৰাইজৰ ৰোষত পৰিল দুই অভিযন্তা । তীব্ৰ বাক-বিতণ্ডাৰ পিছত স্মাৰক পত্ৰ প্ৰদান কৰি সমস্যা সমাধানৰ দাবী জনায় ।

লগতে চাওক-পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.