ETV Bharat / state

উন্নয়নৰ নমুনাঃ ঠেলাৰে চিকিৎসালয়লৈ গৰ্ভৱতী মহিলা - bilashipara

প্ৰসৱ বেদনাত চটফটাই থকা অৱস্থাত ঠেলাৰে বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হ'ল, হাতীপোতা 1ম খণ্ড গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাক ।

pathetic condition of a village in east bilashipara constituency

author img

By

Published : May 7, 2020, 5:52 PM IST

Updated : May 7, 2020, 7:42 PM IST

বিলাসীপাৰা, 7 মে': পূব বিলাসীপাৰা বিধান সভা সমষ্টিৰ বাট-পথহীন এখন গাঁও । সমষ্টিটোৰ হাতীপোতা 1ম খণ্ড গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাগাড়ীৰে প্ৰসৱ বেদনাত চটফটাই থকা অৱস্থাতে লৈ যোৱা হয় বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ । কিয়নো বাট-পথহীন গাঁওখনলৈ নাযায় ১০৮ এম্বুলেঞ্চ সেৱা ।

পুব বিলাসীপাৰা বিধান সভা সমষ্টিৰ বাট-পথহীন এখন গাঁও ।

সমষ্টিটোক প্ৰতিনিধিত্ব কৰা বিধায়ক অশোক কুমাৰ সিংহী আৰু সাংসদ বদৰুদ্দিন আজমলে আজিলৈ এই স্থানৰ বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে । বিগত সময়ত জনপ্ৰতিনিধিয়ে কেনেধৰণৰ উন্নয়নমূলক কাম কৰিছে তাৰেই যেন এক জলন্ত উদাহৰণ এই পথ । উল্লেখ্য যে, সমষ্টিটোৰ অধীনস্থ বিলাসীপাৰা মহকুমাৰ একাংশ চৰাঞ্চলত আজিও সোমাব পৰা নাই ১০৮ দৰে এম্বুলেঞ্চ সেৱা । যাৰ বাবে স্থানীয় বাসিন্দাই ভিন্ন সময়ত ৰোগীক সাঙিত নতুবা ঠেলাত তুলি নিবলগীয়া হৈছে চিকিৎসালয়লৈ ।

ঠেলা নতুবা সাঙিত ৰোগী কঢ়িয়াই নিয়াতে সীমাবদ্ধ বিলাসীপাৰাৰ এখন গাঁৱৰ উন্নয়ন

লগতে পঢ়কঃ শিলচৰৰ Covid 19 ত আক্ৰান্তৰ গাঁও ছীল প্ৰশাসনৰ

Last Updated : May 7, 2020, 7:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.