ETV Bharat / state

এটা অসহায় দৰিদ্ৰ পৰিয়াল

author img

By

Published : May 7, 2019, 6:38 PM IST

এসাঁজ খাই এসাঁজ নোখোৱাকৈ জীৱন নিৰ্বাহ কৰা ধুবুৰীৰ বৃদ্ধ দম্পত্তিৰ কাহিনী ৷ চাৰিওফালে লেতেৰা বোকা পানীৰে ভৰ্তি জহি খহি যোৱা এটা জুপুৰি সদৃশ ঘৰতেই অতিবাহিত কৰিছে জীৱনৰ বিয়লি বেলা ৷

ধুবুৰীৰ বৃদ্ধ দম্পত্তিৰ কাহিনী

ধুবুৰী, 7 মে': ধুবুৰী বিধানসভা সমষ্টিৰ ঝগৰাৰপাৰ প্ৰথম খণ্ড গাঁৱৰ এহাল বৃদ্ধ দম্পত্তিৰ কাহিনী ৷ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে আনে দিয়া ভাত মুঠিৰে এসাঁজ খাই, এসাঁজ নোখোৱাকৈ পাৰ কৰিছে দিন ৰাতি ৷ থাকিবলৈ নাই এটা ভাল বাসগৃহও, জহি-খহি যোৱা ঘৰৰ মাজতেই কটাইছে জীৱন ৷ দুগৰাকী পত্নী আৰু তিনিগৰাকী কন্যা সন্তানে বসবাস কৰা আয়নাল হ'কৰ তিনিওগৰাকী কন্যাৰ বিয়াৰ পাচতে এতিয়া নৰক যন্ত্ৰনা ভোগ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ৷

ধুবুৰীৰ বৃদ্ধ দম্পত্তিৰ কাহিনী
ইপিনে চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত 85 বছৰীয়া আইনল হ'কৰ পৰিয়ালটো ৷ উৎকোচ দিব নোৱাৰাৰ বাবেই নিজৰ নামত শৌচাগাৰ লাভৰ পৰাও বঞ্চিত হয় বৃদ্ধগৰাকীৰ পৰিয়ালটো ৷ ফলত এতিয়া ৰাইজৰ সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে ৷

ধুবুৰী, 7 মে': ধুবুৰী বিধানসভা সমষ্টিৰ ঝগৰাৰপাৰ প্ৰথম খণ্ড গাঁৱৰ এহাল বৃদ্ধ দম্পত্তিৰ কাহিনী ৷ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতে আনে দিয়া ভাত মুঠিৰে এসাঁজ খাই, এসাঁজ নোখোৱাকৈ পাৰ কৰিছে দিন ৰাতি ৷ থাকিবলৈ নাই এটা ভাল বাসগৃহও, জহি-খহি যোৱা ঘৰৰ মাজতেই কটাইছে জীৱন ৷ দুগৰাকী পত্নী আৰু তিনিগৰাকী কন্যা সন্তানে বসবাস কৰা আয়নাল হ'কৰ তিনিওগৰাকী কন্যাৰ বিয়াৰ পাচতে এতিয়া নৰক যন্ত্ৰনা ভোগ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ৷

ধুবুৰীৰ বৃদ্ধ দম্পত্তিৰ কাহিনী
ইপিনে চৰকাৰী সা-সুবিধাৰ পৰাও বঞ্চিত 85 বছৰীয়া আইনল হ'কৰ পৰিয়ালটো ৷ উৎকোচ দিব নোৱাৰাৰ বাবেই নিজৰ নামত শৌচাগাৰ লাভৰ পৰাও বঞ্চিত হয় বৃদ্ধগৰাকীৰ পৰিয়ালটো ৷ ফলত এতিয়া ৰাইজৰ সহায় বিচাৰিছে দৰিদ্ৰ পৰিয়ালটোৱে ৷
Intro: ধুবুৰীৰ এটা অসহায় দৰিদ্ৰ পৰিয়াল। এহাল দম্পত্তি। যি দম্পত্তিৰ থাকিবলৈ নাই এটা ভাল গৃহ। ঘৰৰ ভিতৰৰ পৰা দেখিবলৈ পোৱা যায় ওপৰৰ নীলা আকাশ। জুপুৰি সদৃশ ঘৰৰ চাৰিওফালে পানী। বিগত প্ৰায় বিশ দিনে জ্বলা নাই মাটিৰ চৌকা। আনে দিয়া ভাত মুঠিৰে কোনোমতে এদিন খাই এদিন নাখাই দম্পত্তিহালে পাৰ কৰিছে দিনৰাতি।


Body: হয়, ধুবুৰীৰ এটা অসহায় দৰিদ্ৰ পৰিয়ালৰ এহাল বৃদ্ধ দম্পত্তি। জীৱনৰ বিয়লি বেলাত জীৱন যুদ্ধত হাৰ মানিছে বৰ্তমান ৮৫ বছৰত ভৰি দিয়া ধুবুৰী বিধান সভা সমষ্টিৰ ঝগৰাৰপাৰ প্ৰথম খণ্ড গাঁওৰ এই গৰাকী বাসিন্দা আয়নাল হকে। সত্তৰ আশীৰ দশকত যি সময়ত তেনে যান বাহনৰ ব্যৱস্থা নাছিল। সেই সময়ত ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা মৃতদেহ কঢ়িয়াইছিল এখন হেলিৰে।বয়স হোৱাৰ লগে লগে এটা সময়ত বন্ধ কৰিছিল সেই কাম। তাৰ পিছৰ পৰাই বৃদ্ধ বয়সত কৰ্মহীন হৈ জীয়াই থকাৰ নামত জীয়াতু ভুগি আহিছে সুদীৰ্ঘ বছৰে।
বৰ্তমান দম্পত্তি হালৰ থাকিবলৈ নাই এটা ভাল গৃহ। ঘৰৰ চালিৰ ফুটা ফুটা টিনপাতেৰে দেখিবলৈ পোৱা যায় ওপৰৰ নীলা আকাশ। জহি খহি যোৱা জুপুৰি সদৃশ ঘৰৰ চাৰিওফালে লেতেৰা বোকা পানী। ইপিনে বিগত প্ৰায় বিশ দিনে জ্বলা নাই মাটিৰ চৌকা। ৰন্ধাবৰাৰ কোনো ব্যৱস্থা নাই পৰিয়ালটোত। কাৰণ ঘৰত ৰান্ধিবলৈ নাই এমুঠি চাউল। আনে দিয়া ভাত মুঠিৰে কোনোমতে এদিন খাই এদিন নাখাই দম্পত্তিহালে পাৰ কৰিছে দিনৰাতি। পুত্ৰহীন আয়নাল হকৰ আছে দুগৰাকী পত্নী আৰু তিনিগৰাকী কন্যা সন্তান। যদিওঁ তিনি কন্যাৰ বিয়াৰ পিছত বৰ্তমানে দুগৰাকী পত্নীৰ সৈতে জীৱনৰ বিয়লি বেলাত জীৱন নিৰ্বাহৰ নামত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে।

আনহাতে নাই খোৱা পানীৰ সু ব্যৱস্থা। নাই এখন শৌচাগাৰ। ইপিনে নিজৰ নামত পোৱা শৌচাগাৰৰ বাবে পঞ্চায়ত প্ৰতিনিধিৰ ওচৰ চপাত এহেজাৰ টকা উৎকোচ নিদিয়াৰ বাবেই হেনো শৌচাগাৰ নিদিলে এইহাল বৃদ্ধ দম্পত্তিক। আনকি এখন প্ৰধান মন্ত্ৰী আৱাস গৃহৰ বাবে বহু যোগাযোগ কৰিও কোনো সঁহাৰি পোৱা নাই এইটো দৰিদ্ৰ বৃদ্ধ দম্পত্তিয়ে।

ইপিনে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে সাংসদ হিচাপে দহ বছৰ কাৰ্য্যকাল পাৰ কৰাৰ বিপৰীতে বিগত পোন্ধৰ বছৰে ধুবুৰী সমষ্টিত এ আই ইউ ডি এফৰ বিধায়ক নিৰ্বাচিত হৈ আহিছে। যদিওঁ সংসদ বিধায়কৰ আজিলৈ দৃষ্টি গোচৰ নহল এই নিৰীহ বৃদ্ধ দম্পত্তি।

এই দৰিদ্ৰ ছেলিম শেখ নামৰ এইজন উদীয়মান সচেতন যুৱকে চচিয়েল মেডিয়াত দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ এটা পোষ্ট কৰে। তাৰ পিছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা। পৰিয়ালটোৰ দুৰ্বিসহৰ বিৱৰণ কৈ সাংসদ বিধায়কক সমালোচনা কৰাৰ সমান্তৰাল ভাবে আমি স্বাধীন দেশৰ নাগৰিক হয় নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰে।


Conclusion: উল্লেখযোগ্য যে, এইক্ষেত্ৰত স্থানীয় বিধায়ক আৰু সাংসদক গুৰুত্ব আৰোপ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। আনহাতে যদি কোনো সদাশয় ব্যক্তিয়ে দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে আয়নাল হকৰ AC- 914010009812962 ( IFSC - UTI B 0001473 ) একাউণ্ট নম্বৰত টকা জমা দিব পাৰে বুলিও অৱগত কৰিছে দৰিদ্ৰ পৰিয়ালটোৱে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.